নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়দৰাবাদত অসমৰ যুৱক পৱিত্ৰৰ ৰহস্যজনক মত্যু

বিশেষ বাৰ্তা, ৪ জুলাইঃ আকৌ বহিঃৰাজ্যত অসমৰ যুৱকৰ কৰুণ মৃত্যু। হায়দৰাবাদত কোম্পানীৰ চাকৰি কৰিবলৈ যোৱা দেৰগাঁৱৰ ধেমাজি চগুৰিৰ যুৱক পৱিত্ৰ টাউদৰ মৃত্যুক লৈ চাঞ্চল্য। যোৱা ২৯ জুনত দেৰগাঁৱৰ পৰা হায়দৰাবাদলৈ গৈছিল পৱিত্ৰ। কালি আৰক্ষীয়ে খবৰ দিয়ে যে ৰে’লৰ পৰা পৰি মৃত্যু হৈছে পৱিত্ৰৰ। কিন্তু পৰিয়াল তথা গাঁওবাসীয়ে মানি ল’ব পৰা নাই আৰক্ষীৰ এই খবৰ। আৰক্ষীয়ে প্ৰেৰণ কৰা ফটো চাই পৰিয়াল, গাঁওবাসীৰ মতে এয়া এক হত্যাকাণ্ড। বিবাহপাশত আবদ্ধ হোৱাৰ এবছৰ সম্পূৰ্ণ হৈছিলহে মৃত পৱিত্ৰৰ। হায়দৰাবাদৰ পৰা মৃতদেহ নিজ ঘৰলৈ আনিবলৈও সমস্যাত পৰিছে দৰিদ্ৰ পৰিয়ালটো। মৃত পৱিত্ৰ টাউদৰ পত্নীয়ে ক’লে- “হিমন্ত মামা, মোৰ স্বামীৰ মৃতদেহটো ঘৰলৈ আনি দিয়ক । চাবলৈ মন গৈছে।”

You might also like