নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়ত ন–বোৱাৰীৰ ৰহস্যজনক মৃত্যু

🔹 বিয়াৰ পিছৰে পৰা সুৰাসক্ত স্বামীৰ অত্যাচাৰৰ অভিযোগ

🔹 স্বামী জনছ গোহাঁইৰ লগতে জ্যেষ্ঠ ভাতৃ–শাহুক গ্রেপ্তাৰ

বিশেষ বাৰ্তা, ৪ আগষ্ট : মাহ-হালধিৰ গোন্ধ নৌযাওঁতে কৰুণ মৃত্যুক সাবটি ল’লে এগৰাকী ন-বোৱাৰীয়ে। স্বামীগৃহৰ শাৰীৰিক নিৰ্যাতনৰ বলি হৈ ন-বোৱাৰীৰ মৃত্যুৰ অভিযোগ তুলি কালি বৰবাৰী আৰক্ষী চকীত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে। ৰহমৰীয়া চেংধৰাৰ নিকুমণি সেনাপতি নামৰ যুৱতীগৰাকী ছমাহ পূৰ্বে মিলন নগৰ জোনাকী পথৰ জনছ গোহাঁইৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু হঠাতে নিকুমণিৰ মৃত্যুৰ ঘটনাক সহজভাৱে ল’ব পৰা নাই পৰিয়ালবৰ্গই। জানিব পৰা মতে, স্বামীগৃহৰ শাৰীৰিক নিৰ্যাতনৰ ফলত ক্ৰমাৎ অসুস্থ হৈ পৰা নিকুমণিয়ে দুদিনমানৰ পূৰ্বে বায়েকলৈ ফোন কৰি নিজৰ অসুস্থতাৰ কথা অৱগত কৰিছিল। ইয়াৰ পিছতে বায়েকে পিতৃ-মাতৃৰ সৈতে নিকুমণিৰ স্বামীগৃহলৈ আহি নিকুমণিক ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰায়। কিন্তু উন্নত চিকিৎসাৰ বাবে শুকুৰবাৰে নিকুমণিক চিকিৎসকে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰে যদিও কালি পুৱা প্রায় ১০.৩০ বজাত ইহসংসাৰ ত্যাগ কৰে৷ ইফালে, নিকুমণিৰ আকস্মিক মৃত্যুৰ ঘটনাৰ পিছতে পৰিয়ালৰ লোকে বৰবাৰী আৰক্ষী চকীত উপস্থিত হৈ উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে৷ ইতিমধ্যে পিতৃ থানেশ্বৰ সেনাপতি আৰু মাতৃ দীপাঞ্জলি সেনাপতিয়ে বৰবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ ডিব্রুগড় আৰক্ষীয়ে ঘটনা সন্দর্ভত গোচৰ ৰুজু কৰি নিকুমণিৰ স্বামী জনছ গোহাঁই, জ্যেষ্ঠ ভাতৃ জোন গোহাঁই আৰু শাহুৱেক কল্পনা গোহাঁইক গ্রেপ্তাৰ কৰিছে৷ ইফালে, নিকুমণিৰ পিতৃ–মাতৃৰ অভিযোগ অনুসৰি বিয়াৰ কিছুদিনৰ পিছৰে পৰা নিকুমণিক শাৰীৰিক আৰু মানসিক নির্যাতন চলাইছিল স্বামীগৃহৰ পৰিয়ালে৷ এইদৰে নির্যাতন চূড়ান্ত পর্যায় পাই অৱশেষত নিকুমণিয়ে মৃত্যুক সাবটি লয়৷ স্বামী জনছ গোহাঁয়ে সুৰাপান কৰি আহি বিভিন্ন অজুহাতত দৈনিক মাৰধৰ কৰে৷ আজি দুদিনমানৰ পূর্বে অধিক মাৰধৰ কৰাৰ ফলত নিকুমণি ভিতৰি অত্যধিক পৰিমাণে আঘাতপ্রাপ্ত হয়৷ আনহাতে, নিকুমণিৰ এই মৃত্যুক সহজে মানি ল’ব নোৱাৰি নিকুমণিৰ পৰিয়ালৰ লোকে ডিব্রুগডৰ বৰবাৰী আৰক্ষী চকী ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ কান্দি কান্দি ন্যায় বিচাৰি প্রতিবাদ সাব্যস্ত কৰে নিকুমণিৰ পৰিয়ালে৷

প্ৰেৰক বিভাস দুৱৰা

You might also like