নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ বোৱাৰীৰ মৃত্যু

🔹 হত্যা কৰি দেহত জুই লগাই আত্মহত্যৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগত প্ৰকাশ

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চ : ৰঙিয়াৰ হেমদোলত এগৰাকী বোৱাৰীয়ে ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি লোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, হেমদোলৰ হৰেশ্বৰ ডেকাৰ পত্নী তথা এটি কন্যা সন্তানৰ মাতৃ অংকিতা ডেকা আজি পুৱাৰ ভাগত স্বামীগৃহত অগ্নদগ্ধ হৈ মৃত অৱস্থাত উদ্ধাৰ হয় । মহিলাগৰাকী এনেদৰে অগ্নিদগ্ধ অৱস্থাত পৰি থকাত অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰে । ইফালে, স্বামীগৃহৰ পৰিয়ালে মহিলাগৰাকী নিজে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি লোৱা বুলি কোৱাৰ বিপৰীতে মৃত বোৱাৰীগৰাকীৰ মাতৃগৃহই দীৰ্ঘদিনৰ পৰা স্বামীগৃহৰ পৰিয়ালে অংকিতা ডেকাক মানসিকভাৱে অত্যাচাৰ কৰি আহিছিল বুলি অভিযোগ কৰে । মানসিক অত্যাচাৰ কৰা বিষয়টো আনকি বোৱাৰীগৰাকীয়ে মাতৃগৃহকো অৱগত কৰিছিল । দীৰ্ঘদিন অত্যাচাৰ কৰি আজি পৰিয়ালটোৱে বোৱাৰীগৰাকীক হত্যা কৰি দেহত জুই লগাই আত্মহত্যৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি অভি‌যোগত প্ৰকাশ । ইফালে, ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ মাতৃগৃহৰ ফালৰ পৰা কঞা আৰক্ষী থানাত অভিযোগ দিয়াত আৰক্ষীৰ এটা দলৰ লগতে দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । বোৱাৰীগৰাকীৰ মাতৃগৃহৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামী হৰেশ্বৰ ডেকাৰ লগতে পিতৃ কামেশ্বৰ ডেকাক আটক কৰিছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক ফাৰুক হুছেইন

You might also like