নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ৰহস্যজনক দেৱাল লিখন : আটক ভাৰত-বাংলাদেশ সীমান্তৰ বৃদ্ধ

🔹 ধৃত নুৰুল হকে পিন্ধি থকা পাঞ্জাবী কুৰ্তাতো আছে অজানা-ৰহস্যজনক লিখনি

নিয়মীয়া বাৰ্তা, ১৫ জুন : ধুবুৰী চহৰৰ ৰহস্যজনক দেৱাল লিখন সন্দৰ্ভত আৰক্ষীয়ে এজন ব্যক্তিক আটক কৰে। ধৃত ব্যক্তিজন ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ভাৰত-বাংলাদেশ সীমান্তৰ গাছপালাৰ মহম্মদ নুৰুল হক বুলি জানিব পৰা গৈছে। ধৃত মহম্মদ নুৰুল হকক আৰক্ষীয়ে সোধা-পোছা চলাই থকা বুলি জানিব পৰা গৈছে। ধুবুৰী আৰক্ষীৰ শীৰ্ষ মহলে তদন্তৰ খাতিৰত এই সন্দৰ্ভত সবিশেষ জনোৱা নাই ।

উল্ল্যেখ্য যে কালি নিশা ধুবুৰীস্থ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কাষৰ এটা প্ৰৱেশদ্বাৰৰ সন্মুখৰ চাহ-ভাতৰ বন্ধ দোকানৰ টিনৰ বেৰত প্ৰত্যক্ষ কৰা হৈছিল ৰহস্যজনক দেৱাল লিখনি। পূৰ্বেও বিগত ৬ জুনৰ নিশা সেই অঞ্চলটোৰ সমীপত থকা বৰলুইতৰ পাৰত থকা পৌৰসভাৰ তিনিখনকৈ পকী বেৰতো প্ৰত্যক্ষ কৰা হৈছিল ৰহস্যজনক দেৱাল লিখনি।

উল্লেখনীয় যে আটকাধীন বৃদ্ধগৰাকীয়ে পিন্ধি থকা বগা ৰঙৰ পাঞ্জাবী কুৰ্তাৰ সন্মুখৰ আৰু পিছফালৰ তলৰ অংশকে ধৰি কুৰ্তাটোৰ হাততো নীলা ৰঙেৰে কিছু অজানা, ৰহস্যজনক লিখনি আছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like