নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিগত ৯ বছৰত অসমৰ ৮০.৩৬ লাখ লোক দৰিদ্রতাৰ পৰা মুক্ত

নিটি আয়োগৰ প্রতিবেদন

অৰুণোদয়–আত্মসহায়ক গোটৰ আন্দোলনে প্রত্যক্ষভাৱে প্রহাৰ কৰিছে দৰিদ্রতাক : মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জানুৱাৰীঃ বিগত ৯ বছৰত অর্থাৎ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কার্যকালত ৰাজ্যত ৮০.৩৬ লাখ লোকে দৰিদ্রতাৰ পৰা মুক্তি লাভ কৰিছে৷ নিটি আয়োগে শেহতীয়াকৈ প্রকাশ কৰা প্রতিবেদনে এই আশাব্যঞ্জক বতৰা কঢ়িয়াই আনিছে৷ আয়োগৰ প্রতিবেদন অনুসৰি অসমত দৰিদ্রতাৰ হাৰ ২৫ শতাংশলৈ হ্রাস পাইছে৷ এই তথ্যৰ কথা সদৰী কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে অৰুণোদয় আঁচনি, আত্মসহায়ক গোটৰ আন্দোলনে বিগত সময়ছোৱাত দৰিদ্রতাৰ ওপৰত কৰা প্রত্যক্ষ প্রহাৰৰ প্রভাৱ এয়া৷ উল্লেখ্য যে ৰাষ্ট্রীয় বহুমাত্রিক দৰিদ্রতা সূচক অনুসৰি যোৱা ৯ বছৰত অসমৰ দৰিদ্রতা ৩৬.৯৭ শতাংশৰ পৰা ১৪.৪৭ শতাংশলৈ হ্রাস পাইছে৷ ২০১৩–১৪ বর্ষত ৰাজ্যখনত দৰিদ্রতাৰ হাৰ আছিল ৩৬.৯৭ শতাংশ৷ আনহাতে, ২০২২–২৩ বর্ষত ১৪.৪৭ শতাংশলৈ হ্রাস পাইছে৷ কার্যতঃ ইয়াৰ জৰিয়তে বিগত ৫ বছৰৰ ভিতৰত দৰিদ্রতাৰ পৰা ওলাই অহা লোকৰ সংখ্যা হৈছে প্রায় ৮০.৩৬ লাখ৷ নিটি আয়োগে প্রকাশ কৰা এই প্রতিবেদনৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ এক্স হেণ্ডেলত উল্লেখ কৰিছে যে অসমে আধুনিক ইতিহাসত ইয়াৰ আটাইতকৈ সমৃদ্ধ যুগৰ অভিজ্ঞতা লাভ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ অধীনত ৰাজ্যখনৰ ৮০ লাখ লোকে দৰিদ্রতাৰ পৰা ৰক্ষা পৰাটো এক উল্লেখনীয় বতৰা৷ যোৱা ৩ বছৰত দৰিদ্রতাৰ মূৰ গণনাৰ অনুপাতত ২৫ শতাংশ হ্রাস পাইছে৷ আমি বর্তমান দ্রুত বিকাশৰ পথত আছোঁ৷ যিয়ে অসমক দেশৰ শীর্ষ ৫খন ৰাজ্য হিচাপে উদীয়মান হৈ ৰাষ্ট্র নির্মাণত এক গুৰুত্বপূর্ণ অৱদান আগবঢ়াবলৈ সক্ষম হ’ব৷ আজি সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে নিটি আয়োগৰ প্রতিবেদনৰ কথা উল্লেখ কৰি কয় যে ৰাজ্যখনে গ্রহণ কৰা কল্যাণকামী পদক্ষেপৰ ই এক বৃহৎ জয়৷ মন কৰিবলগীয়া যে অসমৰ অৰুণোদয় আঁচনিয়ে দৰিদ্র পৰিয়ালসমূহক প্রত্যক্ষভাৱে লাভালাভ প্রদান কৰাৰ লগতে বেংক একাউণ্টৰ জৰিয়তে লাভ কৰা বিত্তীয় সাহায্যয়ো দৰিদ্রতাক চমুৱাই অনাত যথেষ্ট সহায় কৰিছে৷ প্রতিমাহে একোটা পৰিয়ালে লাভ কৰা ১,২৫০ টকাই আর্থিকভাৱে সহায় কৰিছে বহু পৰিয়ালক৷ তদুপৰি নগৰীয়া দৰিদ্রতা দূৰ কৰাৰ বাবে ৰাজ্যখনত অন্ত্যোদয়া যোজনা–ৰাষ্ট্রীয় নগৰ জীৱিকা মিছনে ইয়াৰ ওপৰত প্রভাৱ পেলাইছে৷ উল্লেখ কৰি থোৱা ভাল যে বহুমাত্রিক দৰিদ্রতা সূচক (এমপিআই) হৈছে এক বিশ্বব্যাপী স্বীকৃত সামগ্রিক পদক্ষেপ৷ যিয়ে আর্থিক দিশৰ বাহিৰেও একাধিক মাত্রাত দৰিদ্রতাক নির্ণয় কৰে৷ এমপিআইৰ বার্তাসূচক মুখ্যতঃ পুষ্টি, শিশু আৰু কিশোৰৰ মৃত্যু, বিদ্যালয়ত উপস্থিতি, ৰন্ধনৰ বাবে ব্যৱহূত ইন্ধন, অনাময়, সম্পত্তি আৰু বেংক একাউণ্ট– এই দিশসমূহৰ ওপৰতো মূল্যায়ন কৰি দৰিদ্রতা নির্ণয় কৰা হয়৷ ৰাষ্ট্রীয় স্তৰত নিটি আয়োগে প্রকাশ কৰা প্রতিবেদন অনুসৰি ২০১৩–১৪ চনত দেশৰ দৰিদ্রতাৰ পৰিমাণ আছিল ২৯.১৭ শতাংশ৷ এই পৰিসংখ্যা ১১.১৮ শতাংশলৈ হ্রাস পাইছে৷ ইয়াৰ জৰিয়তে ২৪.৮২ শতাংশ লোক দৰিদ্রতাৰ পৰা মুক্ত হৈছে৷ এই তালিকাৰ শীর্ষত আছে উত্তৰ প্রদেশ৷ ৰাজ্যখনৰ ৫.৯৪ কোটি লোক দৰিদ্রতাৰ পৰা মুক্ত হৈছে৷ উত্তৰ প্রদেশৰ পাছতে আছে বিহাৰ আৰু মধ্যপ্রদেশ৷ এই দুয়োখন ৰাজ্যত যথাক্রমে ৩.৭৭ কোটি আৰু ২.৩০ কোটি লোক দৰিদ্রতাৰ পৰা মুক্ত হৈছে৷

You might also like