নিয়মীয়া বাৰ্তা, ১৪ জুন : ১৯৯৫ চনত স্থাপিত গোসাঁইগাঁও বি এড মহাবিদ্যালয়ক ২৮ বছৰ সেৱা আগবঢ়োৱাৰ পিছত শেহতীয়াকৈ National Accridiation Assessment Council চমুকৈ NAACৰ আগন্তুক পাচঁ বছৰৰ বাবে কাৰ্য্যসন্মতি লাভ কৰা বুলি মহাবিদ্যায় খনৰ অধ্যক্ষ ড° অজিত কুমাৰ বড়োৱে এক প্ৰেছ বাৰ্তা যোগে জানিবলৈ দিছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বাৰ্তা খনত উল্লেখ কৰা মতে, চলিত বছৰৰ ১৮ আৰু ১৯ মে’ত নাক’ৰ এটি প্ৰতিনিধিৰ দলে গোসাঁইগাঁও বিএড মহাবিদ্যালয় খন পৰিদৰ্শন কৰে৷ পৰিদৰ্শন কালত নাকৰ প্ৰতিনিধিৰ দলটোৱে গোসাঁইগাঁও বিএড মহাবিদ্যালয়ৰ আন্তঃগাঁথনিকে ধৰি শিক্ষাৰ গুণগত মান তথা প্ৰশিক্ষণ সম্পৰ্কীয় ধ্যান ধাৰণাৰ সম্পৰ্কে পুংখানুপুংখ ভাৱে পৰ্য্যবেক্ষণ কৰে ৷ যোৱা ১০ জুনত নাক’ৰ পৰা প্ৰেৰণ কৰা পত্ৰ নং এফ ১৯.২৬/ ই চি (এচ চি-১৫৭) ডি অ’ যোগে গোসাঁইগাঁও বি এড মহাবিদ্যালয়ক বি-গ্ৰেড স্বীকৃতি প্ৰদান কৰি কাৰ্য্যসন্মতি প্ৰদান কৰা বুলি জানিবলৈ দিয়ে ৷ অধ্যক্ষ ড° অজিত কুমাৰ বড়োৱে আৰু উল্লেখ কৰা মতে গোসাঁইগাঁও বি এড মহাবিদ্যালয়ক National Council of Teacher Educationৰ দ্বাৰা অনুমোদন জনোৱাৰ লগতে দু বছৰিয়া বি এড পাঠ্যক্ৰমৰ উপৰি গুৱাহাটী SCERTৰ সৈতে D.El.Ed পাঠ্যক্ৰম সংযোজিত কৰি স্নাতক পাঠ্যসূচীৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছে বুলি জনায়৷ গোসাঁইগাঁও বিএড মহাবিদ্যালয়ক নাক’ৰ বি গ্ৰেড স্বীকৃতি প্ৰদান কৰাত মহাবিদ্যালয় খনৰ শিক্ষক শিক্ষাৰ্থীৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজলৈ সুখৱৰ কঢ়িয়াই আনিছে৷ মহাবিদ্যালয় খনৰ এই প্ৰাপ্তিত বিটিআৰ’ চৰকাৰ, বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু বিটিআৰ’ৰ শিক্ষা বিভাগৰ সঞ্চালকৰ লগতে শুভাকাংক্ষী ৰাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° অজিত কুমাৰ বড়োৱে ৷
প্ৰেৰক ৰুবুল পাঠক