নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয় পৰিদৰ্শন NAACৰ

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী : বৃহত্তৰ সৰুপেটা অঞ্চলৰ উচ্চ শিক্ষাৰ এক অগ্ৰণী শিক্ষানুস্থান বি এইচ বি মহাবিদ্যালয়ত কালি আৰু আজি দুদিনীয়াকৈ NAACৰ এটা দলে পৰিদৰ্শন কৰে । উল্লেখ্য যে NAACৰ তৃতীয় পৰিক্ৰমাত বি এইচ বি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিৰূপনৰ বাবে অন্ধ্ৰ বিশ্ববিদ্যালয় বিশাখাপট্টনমৰ পৰা ড০ মোহন ভেংকটা ৰাম বুদাটি, কেন্দ্ৰীয় বিশ্ববিদ্যালয়, কাশ্মীৰৰ পৰা ড০ ছৈয়দ যহুৰ আহমেদ গিলানী, ধোটে বন্দু বিজ্ঞান মহাবিদ্যালয়, মহাৰাষ্ট্ৰৰ পৰা ড০ পি অঞ্জন কুমাৰ নাইডুয়ে বি এইচ বি মহাবিদ্যালয় পৰিদৰ্শন কৰে। উক্ত দুদিনত তেওঁলোকে মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগ,কোষ, কেন্দ্ৰীয় পুথিভঁৰাল, এড অন কোৰ্চ, দক্ষতা বিকাশ কেন্দ্ৰ, ছাত্ৰীনিবাস, এন চি চি,এন এছ এছ, কম্পিউটাৰ লেব ইত্যাদি পৰিদৰ্শন কৰে। লগতে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিবেশিত অসমৰ বাৰেৰহণীয়া সাংকৃতিক কাৰ্যসূচী উপভোগ কৰে। লগতে মহাবিদ্যালয়ৰ প্ৰশাসনিক সভা, অভিভাৱক, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে সুকীয়া সুকীয়া সুকীয়াকৈ মত বিনিময় কৰে। উক্ত দুয়োটা দিনতে ভৱানীপুৰ, হস্তিনাপুৰ, বিজনী তিনিওখন মৌজাৰে অভিভাৱক, মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষক-কৰ্মচাৰী,প্ৰাক্তন ছাত্ৰ- ছাত্ৰী আৰু শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত সুকলমে নাক পৰিদৰ্শন সম্পন্ন হয়। আনহাতে বি এইচ্ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নয়নজ্যোতি দাসে উক্ত দুয়োটি দিনতে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে সঁহাৰি জনোৱা প্ৰত্যেক গৰাকী সদাশয় ব্যক্তিলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like