নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাবাৰ্ড অসমৰ দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন

বিশেষ বাৰ্তা, ১৩ আগষ্ট : ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামীণ বিকাশ বেংক (নাবাৰ্ড) অসমৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আজি নাবাৰ্ডৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰ নিজা প্ৰেক্ষাগৃহত পালন কৰা হয় দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ৷ গুৱাহাটীত হোৱা বানপানীৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে ৭ আগষ্টতে হৈ যোৱা দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আজিহে পালন কৰা হয় বুলি নাবাৰ্ড অসমৰ বিষয়ববীয়াৰ পৰা জানিব পৰা গৈছে৷ এই দিৱসৰ লগত সংগতি ৰাখি ‘অসমৰ হস্ততাঁত ক্ষেত্ৰখনত বহনক্ষম উদ্ভাৱনত গুৰুত্ব’ (Fostering Sustainability and Innovation in Handloom Sector of Assam) বিষয়টিত গুৰুত্ব আৰোপ কৰি আজিৰ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ বন্তি প্ৰজ্বলন তথা অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে আৰম্ভণি হোৱা এই অনুষ্ঠানত নাবাৰ্ড অসমৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাসে আদৰণী ভাষণ আগবঢ়ায়৷ লোকেন দাসে অসমৰ হস্ততাঁতৰ ক্ষেত্ৰখনৰ উন্নতিৰ বাবে নাবাৰ্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যকলাপ তথা আঁচনিৰ খতিয়ান দাঙি ধৰে৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্প বিভাগৰ সচিব দিলীপ কুমাৰ বৰাই উপস্থিত থাকি অসমৰ পৰম্পৰাগত হস্ততাঁত, মুগা আৰু ৰেচম শিল্প, ৰপ্তানিৰ ক্ষেত্ৰ, ফেশ্বন তথা স্বনিৰ্ভৰ নাৰী আঁচনিৰ বিষয়ে বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে নেডফিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পি ভি এছ এল এন মূৰ্ত্তি, অসম টেক্সটাইল ইনষ্টিটিউটৰ অধ্যক্ষ অশোক কুমাৰ দাস, অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক ৰঞ্জিত কুমাৰ ডেকা, ভাৰতীয় লঘু উদ্যোগ বিকাশ বেংকৰ মহাপ্ৰবন্ধক ভানু প্ৰকাশ বাৰ্মা উপস্থিত থাকি ভাষণ প্ৰদান কৰাৰ লগতে নাবাৰ্ড অসমৰ আঞ্চলিক কাৰ্যালয়ৰ মহাপ্ৰবন্ধক নবীন কুমাৰ ৰয়ে ‘অসমৰ হস্ততাঁতৰ ক্ষেত্ৰখনত প্ৰত্যাহ্বান আৰু সম্ভাৱনা’ বিষয়ত ভাষণ প্ৰদান কৰে৷ অসম টেক্সটাইল ইনষ্টিটিউটৰ অধ্যক্ষ অশোক কুমাৰ দাসে নিজৰ বক্তব্যত বাঁহ, কলগছ আৰু ৰেমী গছৰ পৰা প্ৰস্তুত কৰিব পৰা পৰিৱেশ অনুকূল আঁহৰ কথা উল্লেখ কৰে৷ উল্লেখ্য যে নাবাৰ্ডৰ উদ্যোগত পূৰ্বৰে পৰা হস্ততাঁতৰ ক্ষেত্ৰখনত বহু উন্নয়নমূলক কাম কৰি অহা হৈছে৷

You might also like