নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত দশম স্থান ধুবুৰীৰ নবীন শ্বাৰ

নিয়মীয়া বাৰ্তা, ৬ জুনঃ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত দশম স্থান লাভ কৰি উজলিলে ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ নবীন শ্বা। ধুবুৰীৰ গৌৰীপুৰৰ বাসিন্দা ছাত্ৰগৰাকীৰ পিতৃ নন্দ দুলাল শ্বা এগৰাকী অৱসৰী শিক্ষক। মুঠ ৪৬৯ নম্বৰ লাভ কৰিছে নবীনে। নিজৰ চিকিৎসক বায়েকৰ পথ অনুসৰণ কৰি এমবিবিএছ পাঠ্যক্ৰম পঢ়াৰ পিছত আগলৈ গৈ শিক্ষকতা কৰাৰ লক্ষ্য বান্ধি লৈছে মেধাৱী এই ছাত্ৰজনে। নিৰ্দিষ্ট কোনো সময় বান্ধি নললেও নিয়মিত অধ্যয়ন কৰিছিল ছাত্ৰজনে। উল্লেখ্য যে চিত্ৰকলাৰ প্ৰতিও ৰাপ আছে নবীনৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like