নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : কোকৰাঝাৰ জিলাৰ দোতমাস্থিত বডোফা ইউ এন মহাবিদ্যালয় বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত তিনিজনীয়া নাকৰ (নেচনেল এছেছমেণ্ট এণ্ড এক্ৰেডেচন কাউন্সিল) দলটোৱে ২১ আৰু ২২ আগষ্টত পৰিদৰ্শন কৰে। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সঞ্চালক প্ৰবেশ কুমাৰ শ্ৰীবাস্তৱ, নেহু, শ্বিলঙৰ অধ্যাপক পুৰুষোত্তম নায়ক আৰু মহাৰাষ্ট্ৰৰ ৱেলিংডং মহাবিদ্যালয়ৰ অধ্যক্ষ ভাস্কৰ তমহংকৰৰে গঠিত তিনিজনীয়া দলটোৱে প্ৰথম চক্ৰৰ মূল্যায়নৰ বাবে মহাবিদ্যালয়ে দাখিল কৰা স্ব-অধ্যয়নৰ প্ৰতিবেদন (SSR) পৰীক্ষা কৰে।তেওঁলোকে পৃথকে পৃথকে কৰ্মচাৰী, অভিভাৱক, প্ৰাক্তন ছাত্ৰ আৰু ছাত্ৰ-ছাত্ৰীসকলক সাক্ষাৎ কৰে। আই কিউ এ চিৰ সমন্বয়ক ড০ নবীন হাখ্ৰাৰীয়ে দলটোৰ সৈতে সমন্বয় কৰে। শিক্ষকসকলৰ ভিতৰত ড° কমল কুমাৰ ব্ৰহ্ম, ড° অৰুণ নাথ, মুকুট চন্দ্ৰ কলিতা, গীতিকা শৰ্মা, জুলাইশ্ৰী মুছাহাৰী, ড০ গ্ৰেচ ব্ৰহ্ম, ড০ হাৰাণ চন্দ্ৰ ঘোষ, দেৰসিন দৈমাৰী আৰু ড° শশংক শেখৰ শৰ্মায়ো দলটোৰ সৈতে কাৰ্যালয় সম্পৰ্কীয় বিষয়ত মত বিনিময় কৰে। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সভাত কলেজখনৰ কেইগৰাকীমান প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে সন্মানীয় দলটোৰ সৈতে মত বিনিময় কৰি ইয়াৰ উত্থানৰ বাবে কিছু পৰামৰ্শ আগবঢ়ায়। ২১ আৰু ২২ আগষ্টত মূল্যায়ন সম্পূৰ্ণ হোৱাৰ পিছত দলটোৱে নাকৰ মুখ্য কাৰ্যালয়লৈ প্ৰতিবেদন প্ৰেৰণ কৰে।
প্ৰেৰক কৃষ্ণ বৰ্মন