নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসন

🔹 নগাৰ হুমকিত হালোৱাটিঙত পাঁচ বছৰেও স্থাপন নহ’ল চৰকাৰী অনুমোদিত বিঅ’পি
🔹 আমগুৰিৰ মাজমজিয়াত থকা  নাগালেণ্ড চৰকাৰৰ দুটাকৈ কাৰ্যালয়ক লৈ প্ৰতিক্ৰিয়া
নিয়মীয়া বাৰ্তা, ২৪ জুলাই : ৰাজ্যখনৰ সীমান্তৱৰ্তী অঞ্চলত চুবুৰীয়া ৰাজ্যৰ সৈতে বিশেষকৈ নগা ৰাজ্যৰ সৈতে  দীর্ঘদিন ধৰি চলি থকা সীমা বিবাদৰ মাজতে শেহতীয়াকৈ যোৰহাট জিলাৰ মৰিয়়়নিৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ   ভূমিত  নগা লোকৰ দ্বাৰা সঘনে হৈ থকা  সীমা বিবাদক লৈ সততে সৃষ্টি হয় সংঘাত । অসমৰ চুবুৰীয়া ৰাজ্যৰ সৈতে থকা  সীমা সমস্যাক লৈ  সৃষ্টি হোৱা সংঘাতৰ উপৰি স্থানীয় যোৰহাট জিলাৰ সীমান্তৱৰ্তী অঞ্চলত সঘনাই হৈ থকা সীমা সংঘাতৰ বাবে কিছুদিন পূৰ্বে অসম-নাগালেণ্ডৰ দীৰ্ঘদিনীয়া এই সীমা সমস্যা সমাধানৰ প্ৰতি লক্ষ্য ৰাখি দুয়োখন ৰাজ্যৰ কৰ্তৃপক্ষৰ মাজত চুক্তি সম্পাদন হোৱাৰ পিছতো উক্ত অঞ্চলত বাৰে বাৰে নগা লোকৰ আগ্ৰাসন বৃদ্ধিয়ে স্থানীয় লোকক ভীতিগ্ৰস্ত কৰি থকাটো নিয়মীয়া ঘটনাত পৰিণত হৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ আৰু যোৰহাট জিলাৰ সীমান্তৱৰ্তী বিভিন্ন ঠাইত অসমৰ ভূমিত নগা লোকৰ উপদ্ৰৱে সীমান্তৱৰ্তী লোকৰ টোপনি হৰণ কৰাৰ বিষয় নতুন নহয়। শিৱসাগৰ জিলাৰ গেলেকী আৰু যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগা লোকৰ আগ্ৰাসনে বহু স্থানীয় লোকৰ জীৱনৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে । অসম-নাগালেণ্ড সীমান্তৱৰ্তী ঠাইত নগা লোকৰ আগ্ৰাসনে অসমৰ বিভিন্ন লোকক হাৰাশাস্তি কৰাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তাৰ স্বাৰ্থত শিৱসাগৰ জিলাৰ হালোৱাটিঙৰ পৰা প্ৰায় দুই কিলোমিটাৰ দক্ষিণে ২০১৮ চনতেই চৰকাৰে এটা বিঅ’পি স্থাপনৰ ব্যৱস্থা কৰি তাৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰোঁতেই নগা লোকে অস্ত্র-শস্ত্ৰ লৈ উক্ত ঠাইত বিঅ’পি স্থাপনত বাধা আৰোপ কৰাৰ ফলত অদ্যাপি উক্ত ঠাইত বিঅ’পি স্থাপন নহ’ল। মন কৰিবলগীয়া যে হালোৱাটিঙৰ নাতিদূৰৈত থকা নাগালেণ্ডৰ প্ৰৱেশ গেটৰ সমীপতে অসমৰ দিশে বিঅ’পিটো স্থাপনৰ বাবে প্ৰশাসনে সিদ্ধান্ত লৈছিল যদিও অসমৰ ভূমিতেই তদানীন্তন অসম চৰকাৰৰ দ্বাৰা নিৰ্মাণ কৰিবলৈ লোৱা বিঅ’পিটো স্থাপন কৰাত নগা লোক আৰু নাগালেণ্ড চৰকাৰে বাধা প্ৰদান কৰিলে যদিও নাগালেণ্ডলৈ যোৱা প্ৰৱেশ গেটখনৰ দুয়োকাষে আমগুৰি আৰু টিফুক চাহ বাগিচাই ন গালেণ্ডৰ দিশে বহু আগলৈকে এতিয়াও চাহ বাগিচা চলাই আছে। তেনে ক্ষেত্ৰত উক্ত ঠাইত অসমৰ ভূমিত বিগত পাঁচ বছৰেও সীমান্তৱৰ্তী ৰাইজক আশ্বস্ত কৰিব পৰাকৈ বিঅ’পি স্থাপন কৰিব নোৱাৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। লক্ষণীয় যে সীমান্তৱৰ্তী এলেকাৰ অসমৰ ভূমিতে অসম চৰকাৰে ৰাইজৰ নিৰাপত্তাৰ স্বাৰ্থত বিঅ’পি স্থাপন কৰাত নগা লোকৰ লগতে নাগালেণ্ড চৰকাৰেও বাধা আৰোপ কৰাৰ পিছতো শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ মাজমজিয়াতে নাগালেণ্ড চৰকাৰৰ দুটাকৈ কাৰ্যালয় দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকাটোৱে ৰাইজৰ চকু কপালত তুলিছে । শিৱসাগৰ জিলাৰ আমগুৰি পৌৰসভাৰ ৭নং ৱাৰ্ডত নাগালেণ্ড চৰকাৰৰ ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয় আৰু ২নং ৱাৰ্ডত নাগালেণ্ড চৰকাৰৰ গড়কাপ্টানী বিভাগৰ কাৰ্যালয় দুটা বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাত থকা কাৰ্যই সম্প্ৰতি ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য মতে, শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰৰ বৰবাম মেৰুৱাহোলা গ্ৰাণ্টৰ ২০ নম্বৰ দাগৰ প্ৰায় ১২ বিঘা ভূমি আৱৰি থকা নাগালেণ্ড ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়, আস্থান আৰু কৰ্মচাৰীৰ আৱাসগৃহৰ উপৰি আমগুৰি পৌৰসভাৰ ২নং ৱাৰ্ডৰ (আমগুৰি সাপ্তাহিক বজাৰৰ সমীপত) প্ৰায় ১০ বিঘা ভূমিৰে নাগালেণ্ড চৰকাৰৰ গড়কাপ্টানী বিভাগৰ কাৰ্যালয়, গুদাম ঘৰ, কৰ্মচাৰীৰ আৱাসগৃহ আৰু পৰিদৰ্শন বঙলাটো বিগত বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে যদিও অসমৰ ভূমিত  নাগালেণ্ড চৰকাৰৰ এই কাৰ্যালয় দুটা কেতিয়া, কি ভিত্তিত অসম চৰকাৰ অথবা শিৱসাগৰ জিলা প্ৰশাসনে স্থাপন কৰিবলৈ দিছিল, তাৰ কোনো তথ্য পাবলৈ নাই । আনহাতে, এই কাৰ্যালয় দুটা অসমৰ ভূমিত থকাৰ বাবদ নাগালেণ্ড চৰকাৰে অসম চৰকাৰক কোনো ৰাজহ আদায় দিয়াৰো কথা জনা নাযায় । তেনেস্থলত আমগুৰি নগৰৰ মাজমজিয়াত নাগালেণ্ড চৰকাৰৰ এই কাৰ্যাালয় দুটাৰ ক্ষেত্ৰত  অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো মন কৰিবলগীয়া । উল্লেখ্য যে যি সময়ত চৰকাৰী ভূমিৰ অভাৱৰ বাবে আমগুৰিত অসম চৰকাৰৰ বহুকেইটা কাৰ্যালয় লাখ লাখ চৰকাৰী ধন ব্যয় কৰি দীর্ঘদিন ধৰি  ভাৰাঘৰতে চলি আছে, তেনেস্থলত আমগুৰি নগৰৰ মাজমজিয়াত ইমান বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি নাগালেণ্ড চৰকাৰে দখল কৰি থকা কাৰ্যত ৰাইজে আশ্চৰ্য প্ৰকাশ কৰি নাগালেণ্ড চৰকাৰৰ এই কাৰ্যালয় দুটাৰ ক্ষেত্ৰত অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাটো ৰাইজে কামনা কৰিছে ।
প্ৰেৰক দেৱানন্দ কলিতা
You might also like