‘দিচৈ ভেলী আমাৰ’ দাবী নগা সংগঠনৰ
নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ নাগালেণ্ডৰ সৈতে অসমৰ সীমা সমস্যা সমাধানৰ ক্ষেত্রত এখোজ আগবঢ়াৰ সময়তে নাগালেণ্ডে যেন নিজৰ চৰিত্র পুনৰ প্রকট কৰি তুলিছে৷ যোৱা ৩১ জুলাইত ডিমাপুৰত দুয়োখন ৰাজ্যৰ মুখ্য সচিবৰ মাজত হোৱা চুক্তি অনুযায়ী দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ পৰা নগা আৰু অসম আৰক্ষী প্রত্যাহাৰ কৰাৰ পাছতেই নাগালেণ্ডে পুনৰ আগ্রাসন আৰম্ভ কৰা কার্যই এই কথাকে যেন প্রমাণ কৰিছে৷
উল্লেখ্য যে সীমান্তৱর্তী সংৰক্ষিত বনাঞ্চলখনৰ ১২ আৰু ১৫নং কম্পার্টমেণ্টত অসম আৰক্ষীয়ে শিবিৰ স্থাপন কৰিছিল৷ কিন্তু ডিমাপুৰৰ চুক্তি অনুযায়ী ১৫নং কম্পার্টমেণ্টৰ পৰা অসম আৰু নাগালেণ্ড আৰক্ষীৰ প্রত্যাহাৰৰ কাম সম্পূর্ণ হ’ল যদিও ১২নং কম্পার্টমেণ্টৰ পৰা আৰক্ষী প্রত্যাহাৰৰ কাম চলি আছে৷ ইয়াৰ মাজতে দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ কেইবাঠাইতো এক নগা ছাত্র সংগঠনে ফলক ঁৰা কার্যই ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ এই সন্দর্ভত জানিব পৰা মতে, নাগালেণ্ডৰ আও ষুটডেণ্ট ক’নফাৰেঞ্চ নামৰ এটা ছাত্র সংগঠনে এই ফলক আঁৰিছে৷
বন বিভাগৰ সূত্রই জানিবলৈ দিয়া মতে, অসমৰ সংৰক্ষিত বনাঞ্চলখনৰ একাধিক স্থানত এইদৰে ফলক ঁৰা হৈছে৷ আও ষুটডেণ্ট কনফাৰেঞ্চে (এ কে এম) ৰিজার্ভ ফৰেষ্ট বুলি উল্লেখ কৰি এই ফলক আঁৰিছে৷ বন বিভাগৰ সূত্রৰ মতে, এ কে এম মানে আওখাম সংৰক্ষিত বনাঞ্চল বুলি উল্লেখ কৰা হৈছে৷ অসমৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলক আওখাম সংৰক্ষিত বনাঞ্চল বুলি উল্লেখ কৰি নাগালেণ্ডে এই ফলক আঁৰিছে৷ আজি সংৰক্ষিত বনাঞ্চলখনলৈ যোৱা কোনো লোকে এই ফলক প্রত্যক্ষ কৰে৷ বন বিভাগৰ সূত্রই জানিবলৈ দিয়া মতে, দুই–এদিনৰ পূর্বে এই ফলক আঁৰিছে৷ স্বাভাৱিকতে নাগালেণ্ডৰ এই কার্যই সীমান্তৱর্তী অঞ্চলসমূহত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷ মৰিয়নিৰ বনাঞ্চলিক বিষয়া কার্যালয়ৰ অন্তর্গত নিউ সোণোৱাল খণ্ড বন বিষয়া কার্যালয়ৰ পৰা কিছু নিলগতে এই ফলক ঁৰা বুলিও জানিব পৰা গৈছে ৷ নিউ সোণোৱাল সীমান্ত নিৰীক্ষণ চকীৰ পৰা প্রায় দুশ মিটাৰ আঁতৰত এই ফলক ঁৰা বুলি বন বিভাগে জানিবলৈ দিছে৷
অসমৰ সংৰক্ষিত বনাঞ্চলক নাগালেণ্ডৰ বনাঞ্চল বুলি নামকৰণ কৰি তাত নগা ছাত্র সংগঠনে ফলক ঁৰা কার্য নিতান্তই উদ্বেগজনক৷ অসমৰ মাটিত নাগালেণ্ডৰ আগ্রাসনৰ বিৰুদ্ধে অসম চৰকাৰে সদায় নমনীয়া ভূমিকা গ্রহণ কৰি আহিছে৷ যাৰ পৰিপ্রেক্ষিতত ইখনৰ পাছত সিখন ঠাই নাগালেণ্ডে নিজৰ হাতলৈ নি আছে৷ এইবাৰ সংৰক্ষিত বনাঞ্চলখনকো নিজৰ বুলি দাবী কৰিলে নাগালেণ্ডে ৷
লক্ষণীয় যে প্রায় দুবছৰ পূর্বে এইখন অসমৰ সংৰক্ষিত বনাঞ্চলক আওখাম সংৰক্ষিত বনাঞ্চল বুলি নাগালেণ্ডে ফলক আঁৰিছিল ৷ অৱশ্যে অসমৰ বন বিভাগ আৰু আৰক্ষী বিভাগে ফলকখন উচ্ছেদ কৰি লৈ আনিবলৈ সক্ষম হৈছিল ৷ এইবাৰ পুনৰ একেই পদ্ধতি অৱলম্বন কৰি দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলক নাগালেণ্ডে নিজৰ বুলি দাবী কৰিলে৷ কেইদিনমান পূর্বে তাৰ পৰা সামান্য নিলগত দিন–দুপৰতে নগা দুষৃকতিকাৰীয়ে গুলীচালনা কৰি অসমৰ কৃষকৰ গৰু পোৱালি লৈ গৈছিল৷ আজি পুনৰ অসমৰ সংৰক্ষিত বনাঞ্চলক নগা ছাত্র সংগঠনে নিজৰ বুলি দাবী কৰা কার্যই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
ইফালে, নিউ সোণোৱাল খণ্ড বন বিষয়া কার্যালয়ৰ খণ্ড বন বিষয়াই এই সম্পর্কে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক, যোৰহাট বন সংণ্ডলৰ সাংমাণ্ডলিক বন প্রাধিকাৰী, মৰিয়নিৰ বনাঞ্চলিক বিষয়া, তিতাবৰৰ মহকুমাধিপতি, সীমান্ত দণ্ডাধীশ আদিক অৱগত কৰে যদিও কোনেও ব্যৱস্থা গ্রহণ কৰিব নোৱাৰিলে ৷ আনকি বন বিষয়াজনে নাগালেণ্ডৰ মাংকুলেম্বা মহকুমাৰ মহকুমা আৰক্ষী বিষয়াৰ সৈতে যোগাযোগ কৰে যদিও আৰক্ষী বিষয়াজনে সমগ্র বিষয়টো এৰাই চলা বুলি জানিব পৰা গৈছে৷ অৱশ্যে পাছত মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া বিদ্যুৎ দত্ত আৰু মৰিয়নিৰ আৰক্ষী চক্র পৰিদর্শক দণ্ডীৰাম বৰাৰ লগতে নিউ সোণোৱালৰ খণ্ড বন বিষয়া নৱজ্যোতি বৰাই অসম আৰক্ষীৰ কমাণ্ডো, আৰক্ষী জোৱানসহ এটা দলে দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত অভিযান চলায় ৷
অভিযানকাৰী দলটোৱে এজোপা গছত আঁৰি থোৱা এখন ফলক উচ্ছেদ কৰাৰ লগতে ফলকখন জব্দ কৰি নিউ সোণোৱাল খণ্ড বন বিষয়া কার্যালয়লৈ লৈ আনে ৷ উল্লেখ্য যে নিউ সোণোৱাল সীমান্ত নিৰীক্ষণ চকীৰ কাষেদি চিৰাখাতি নৈৰ দাঁতিয়ে দাঁতিয়ে প্রায় ২০০ মিটাৰ গ’লেই নাগালেণ্ডৰ ফলকখন দেখা পোৱা যায় বুলি জানিব পৰা গৈছে ৷ একেদৰে অসম আৰু নাগালেণ্ডৰ মাজত শেহতীয়াকৈ হোৱা চুক্তি অনুযায়ী দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নতুনকৈ কোনো বেদখল সম্পর্কীয় কার্যকলাপ হ’বলৈ দিয়া নহ’ব বুলি উল্লেখ কৰা হৈছিল যদিও নাগালেণ্ডে চুক্তিৰ দুদিনমান পাছতেই এইদৰে অসমৰ সংৰক্ষিত বনাঞ্চলক নাগালেণ্ডৰ বুলি দাবী কৰা কার্যই নাগালেণ্ডে উক্ত চুক্তি উলংঘা কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ এইক্ষেত্রত উপযুক্ত ব্যৱস্থা গ্রহণ কৰিবলৈ অসম চৰকাৰৰ প্রতি সীমান্তৱর্তী অঞ্চলৰ ৰাইজে দাবী জনাইছে৷