নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত সমাজক লজ্জিত কৰা অমানৱীয় কাণ্ডঃ শিশুক মাকৰ কোলাৰ পৰা গোৰ মাৰি পেলাই দিলে নলাত

বিশেষ বাৰ্তা, ২২ আগষ্ট : সভ্য সমাজক লজ্জিত কৰা এক ঘটনা সংঘটিত হল আজি নগাঁও চহৰত। ঘটনাৰ বিবৰণী অনুসৰি নগাঁও চহৰৰ খীষ্টানপট্টিৰ স্থানীয় এজন লোকৰ গেইটৰ সম্মুখত এখন যাত্ৰীবাহী টেম্পো ৰখাই যাত্ৰী নমাই থকাৰ সময়তে এজন লোকে টেম্পো চালক জনক গেইটৰ সন্মুখত কিয় টেম্পো ৰাখিছ বুলি প্ৰশ্ন কৰি চালক জনক প্ৰহাৰ কৰাৰ লগতে টেম্পোখনত মাকৰ লগত থকা চাৰিবছৰীয়া এটা শিশুক গোৰ মাৰি পথৰ দাঁতিৰ নলাত পেলাই দিয়ে। ফলত শিশুটোৱে মূৰত আঘাত পায়। পাছত তাত উপস্থিত থকা একাংশ লোকে আহত শিশুটিক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰে। জানিব পৰা মতে, শিশুটিৰ প্ৰকৃত ঘৰ কামপুৰ কচুৱাৰ ৰজাআলিত। মাতৃ ফজিলা খাতুনৰ লগত শিশুটো জুৰীয়া হাতীপাৰালৈ দুদিন পূৰ্বে ফুৰিবলৈ আহিছিল। আজি টেম্পুত নগাঁও চহৰ হৈ ঘৰলৈ যাবৰ বাবে আহিছিল। এই ঘটনাটো সংঘটিত হোৱাৰ পাছত ভুক্তভোগী শিশুটিৰ মাতৃয়ে এই সন্দৰ্ভত নগাঁও সদৰ থানাত এক এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত সদৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্তৰ আৰম্ভ কৰিছে।জানিব পৰা মতে,এই ঘটনা সংঘটিত কৰা লোকজন নগাঁও চহৰৰ এখন হাইস্কুলৰ শিক্ষক।এগৰাকী শিক্ষকৰ এই অমানবীয় কাৰ্যই নগাঁৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।সচেতন মহলে ইয়াৰ এক উচিত তদন্ত বিচৰাৰ লগতে দোষীক শান্তি বিহাৰ দাবী জনাইছে।এই ক্ষেত্ৰত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।

প্ৰেৰক কনক হাজৰিকা

You might also like