নিয়মীয়া বাৰ্তা, ৪ জুনঃ ৰাজ্যখনৰ আন জিলাৰ লগতে নগাওঁ জিলাটো ক’ভিড-১৯ত পজিটিভ হোৱাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। এনেদৰে প্ৰতিদিনে ক’ভিড-১৯ৰ পজিটিভ হোৱাৰ সংখ্যা বৃদ্ধি পোৱাত জিলাখনৰ ৰাইজ শংকিত হৈ পৰিছে। যোৱানিশা আৰু আজিৰ ভিতৰত নগাওঁ জিলাত ২৮ জনৰ ক’ভিড-১৯ ত পজিটিভ হোৱাটো নিশ্চিত হৈছে। ইয়াকে লৈ নগাওঁ জিলাত ক’ভিড-১৯ পজিটিভৰ সংখ্যা ৭৪ জনলৈ বৃদ্ধি পালে। কালি আৰু আজি ক’ভিড-১৯ ত পজিটিভ হোৱা ২৮ জন লোক হ’ল ননৈ কলেজত কোৱাৰেণ্টাইন হৈ থকা নগাওঁ চহৰৰ ইটাপাৰাৰ শ্বৰিফুল ইছলাম(১৮), লাওখোৱা আদৰ্শ বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা চামগুৰিৰ আৰিফ ইছলাম(২০), চামগুৰি গেৰুৱাৰ আইজুল ইছলাম(১৯), চামগুৰিৰ ইক্ৰামুল ইছলাম(২২) । এই চাৰিজন মহাৰাষ্ট্ৰৰ পৰা অহা। আনহাতে আন দুজন হল দিল্লীৰ পৰা আহি ননৈ কলেজত কোৱাৰেণ্টাইন হৈ থকা বঢ়মপুৰ বিহৰী গাঁৱৰ শ্যামন্ত বৰা(৩৬), আৰু মহাৰাষ্ট্ৰৰ পৰা আহি ধিং গাৰ্লছ হায়াৰ চেকেণ্ডাৰী স্কুলৰ হোষ্টেলত কোৱাৰেণ্টাইন হৈ থকা ধিঙৰ দেহা মণি নাথ(৩১)। আনহাতে আজি ক’ভিড-১৯ নিশ্চিত হোৱা তামিলনাডুৰ পৰা অহা জিলাখনৰ বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইন হৈ থকা লোকসকল হৈছে ৰহা কলেজত কোৱাৰেণ্টাইন হৈ থকা কামপুৰ দ-পাৰাৰ পিংকু নাথ(২০), ধিং কলেজ হোষ্টেলত কোৱাৰেণ্টাইন হৈ থকা ঢাকাই বস্তিৰ আনাৰুল হুছেইন(২০), কচুৱা হাটীখুলিৰ মহৰ আলি(১৮), ধিঙৰ লহকৰ গাঁৱৰ জমিৰ হুছেইন(২৩), চাইনাবৰিৰ আব্দুল নচৰ(৪৫), ধিং জৱাহৰ নৱোদয় বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা ধিং ৰৌমাৰিৰ ৰছিদুল ইছলাম(২১), কটোৱাগুৰিৰ আনাৰুল হক (২৬), জুৰিয়া থানাৰ অন্তৰ্গত মেলেকাধিঙৰ য়াইনুল ইছলাম (১৭), ধিং মহখুটিৰ মজিবুৰ ৰহমান(২২), ধিং গাৰ্লছ হাই স্কুলত কোৱাৰেণ্টাইন হৈ থকা মেলেকা ধিঙৰ জাহাঙ্গীৰ আলম (৩৩), কদমণি হাই স্কুলত কোৱাৰেণ্টাইন হৈ থকা জুৰিয়াৰ পূৱ চতিয়ানৰ নেকিবুল হুছেইন(১৯), দ গাওঁ এ কে গাৰ্লছ হাই স্কুল হোষ্টেলত কোৱাৰেণ্টাইন হৈ থকা ধিং লহকৰ গাঁৱৰ বাবুল ইছলাম (২৪), জুৰিয়া জামগুৰিৰ আনচাৰুল হক(২১), ধিং মহখুটিৰ ৰাজিবুৰ ৰহমান(২০) আৰু বটদ্ৰৱা শংকৰদেৱ কলেজত কোৱাৰেণ্টাইন হৈ থকা ধিং কছাৰী গাঁৱৰ মতিবুৰ ৰহমান(২২)। ইপিনে মহাৰাষ্ট্ৰৰ পৰা অহা ক’ভিড-১৯ আক্রান্ত লোকসকল হল লাওখোৱা আদৰ্শ বিদ্যাপীঠত কোৱাৰেণ্টাইন হৈ থকা খাটোৱাল থানাৰ গেৰুৱা মুখৰ ছৰিফুল ইছলাম(২২) আৰু ইনামূল ইছলাম(১৭), খাটোৱাল থানাৰ অন্তৰ্গত গেৰুৱাটিৰ চামিউল্লাহ(১৫), কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা কামপুৰ বকুলপুৰৰ আব্দুল কৰিম(২৫), ডাকৰঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা কামপুৰ ঘিলানিৰ জিয়াদুল ৰহমান(২৩), চাপৰমুখ গেষ্ট হাউচত কোৱাৰেণ্টাইন হৈ থকা বটদ্ৰৱা থানাৰ অন্তৰ্গত উপৰ দুমদুমীয়াৰ পিংকি দাস(২৩)। ইয়াৰে খাটোৱাল গেৰুৱাটিৰ চামিউল্লাহক বিভাগীয় নীতি অনুসৰি স্বাস্থ্য বিভাগে কালি হোম কোৱাৰেণ্টাইনলৈ পঠাইছিল। আজি চামিৰ ক’ভিড-১৯ পজিটিভ হোৱাত গাওঁ খনত হুৱা-দুৱাৰ সৃষ্ট হয়। চিকিৎসকৰ দলে চামিক নগাঁৱৰ ক’ভিড-১৯ হস্পিতাললৈ অনাৰ লগতে তেওঁলোকৰ ঘৰখন ছিল কৰি দিয়ে। আজি ক’ভিড আক্রান্ত এই লোকসকলক নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯ হস্পিতালত ভৰ্তি কৰা হৈছে।আজি নগাঁৱত ক’ভিড-১৯ত আক্ৰান্ত হোৱা সকলৰ ভিতৰত ১৬ জন তামিলনাডুৰ আৰু ৬ জন মহাৰাষ্ট্ৰৰ। মহাৰাষ্ট্ৰৰ আৰু তামিলনাডুৰ পৰা অহা নগাঁৱৰ লোকসকলৰ এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। তামিলনাডু আৰু মহাৰাষ্ট্ৰৰ পৰা অহা নগাঁৱৰ লোকসকলৰ মাজত সৰ্বাধিক আক্রান্ত হৈছে।