নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত অস্থায়ী কৰ্মচাৰীৰ ধৰ্মঘট

নিয়মীয়া বাৰ্তা ২ জুলাইঃ নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত আজি নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ঠিকাভিত্তিক অস্থায়ী কৰ্মচাৰী সকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। হাতে- হাতে প্লে-কাৰ্ড লৈ এই অস্থায়ী কৰ্মচাৰী সকলে তেওঁলোকৰ দাবী সমূহ পূৰণৰ দাবীত চিকিৎসালয় খনৰ চৌহদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
উল্লেখ্য যে, আজি ১০ – ১৫ বছৰ ধৰি অস্থায়ী ভাবে কাম কৰি অহা এই কৰ্মচাৰীসকলৰ সমস্যা সমূহ চৰকাৰে আজিলৈকে সমাধান কৰা নাই। শেহতীয়া ভাবে স্থানীয় অস্থায়ী কৰ্মচাৰীক বঞ্চিত কৰি অন্য জিলাৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছে অস্থায়ী কৰ্মচাৰী সকলে। এই কৰ্মচাৰী সকলক পুনৰ যাতে বঞ্চিত কৰা নহয় তাৰ বাবে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অৱস্থান ধৰ্মঘটকাৰী সকলে ব্যৱস্থা লবলৈ আহ্বান জনায়। ক’ৰোনাৰ আতংকৰ মাজতে স্বাস্থ্য বিভাগৰ এই অস্থায়ী কৰ্মচাৰী সকলে নিজৰ চাকৰি নিয়মীয়াকৰণকে ধৰি নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰিব লগা হোৱাটো তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে চিহ্নিত হৈছে।

You might also like