নিয়মীয়া বাৰ্তা ২৯ জুলাই : নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে নগাঁও বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে আজি পুৱা জিলাখনৰ কামপুৰত অভিযান চলাই এটা অবৈধ বালি মহল উৎখাত কৰাৰ লগতে তিনিখন বালি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি কামপুৰ অঞ্চলৰ বকুলগুৰিত একাংশ বালি ব্যৱসায়ীয়ে বন বিভাগৰ অনুমতি অবিহনে কপিলী নদীৰ পৰা বালি সংগ্ৰহ কৰি অবৈধ বালি মহল চলাই আছিল। এই খবৰ গোপন সূত্ৰে লাভ কৰি নগাঁও বন বিভাগৰ দলটোৱে অভিযান চলাই এটা বালিৰ মহল উৎখাত কৰাৰ লগতে এ এছ ০৯ এ চি ২২৫৮, এ এছ ০৯ এ চি ১৪৯০ আৰু এ এছ ০২ চি চি ২২৯০ নম্বৰৰ তিনিখন বালি ভৰ্তি ট্ৰাক জব্দ কৰি নগাঁও বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে। উল্লেখ্য যে, নগাঁও বন বিভাগে কিছুদিনৰ পূৰ্বে কামপুৰৰ শিমলুগুৰি অঞ্চলৰ পৰা এটা অবৈধ বালি মহল জব্দ কৰিছিল। নগাঁও জিলা বন বিভাগে অবৈধ বালি মহলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও কামপুৰৰ জূৰিৰপাৰ, শিমলুগুৰিকে ধৰি কেইবাটিও ঠাইত কপিলী নদীৰ পৰা বালি সংগ্ৰহ কৰি বহু কেইটা অবৈধ বালি মহল চলি থকাৰ অভিযোগ উঠিছে। এই ক্ষেত্ৰত নগাঁও সচেতন মহলে ব্যৱস্থা গ্ৰহন কৰিবলৈ নগাঁও জিলা বন বিভাগক দাবী জনাইছে।