নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত মনজিৎ মহন্তৰ বিৰুদ্ধে গোচৰ ভোজপুৰীৰ

নিয়মীয়া বাৰ্তা ১৫ জুনঃ জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল হৈছে৷ সদৌ অসম ভোজপুৰী যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক জৱালা সিঙে এজাহাৰখন দাখিল কৰে৷ এজাহাৰত উল্লেখ থকা মতে, ঋতুপর্ণ পেগু নামৰ এজন লোকৰ হত্যাকাণ্ড সম্পর্কত বিহাৰী সম্প্রদায়ক জড়িত কৰি সামাজিক মাধ্যমত সাংবাদিক মহন্তই এটা বিভ্রান্তিকৰ মন্তব্য কৰিছিল৷ মহন্তৰ এনে মন্তব্যই হিন্দীভাষী লোকৰ বিৰুদ্ধে উত্তেজনাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে৷ সেয়ে বিভ্রান্তিকৰ মন্তব্যৰে পাৰস্পৰিক সমন্বয় বিনষ্ট কৰিব বিচৰা আৰু উত্তেজনা বৃদ্ধি কৰিব বিচৰা বাবে জ্যেষ্ঠ সাংবাদিক মহন্তৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে সদৌ অসম ভোজপুৰী যুৱ–ছাত্র পৰিষদে৷

You might also like