নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত কংগ্ৰেছৰ পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা ২ জুলাইঃ পেট্ৰ’ল ডিজেলৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নগাওঁ পৌৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। নগাঁও সদৰ ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ নেতা কৰ্মী সকলে পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি হ্ৰাস কৰক, বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী হায় হায় কংগ্ৰেছ জিন্দাবাদ আদি বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে। এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্ল্লভ চমুৱাই কয় – “কেন্দ্ৰীয় চৰকাৰে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ সোধাইছে। বিজেপি চৰকাৰ জনস্বাৰ্থ বিৰোধী কাৰ্যত লিপ্ত হৈছে।” আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত নগাঁও পৌৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি সম্পাদক লগতে এন এছ ইউ আই, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দলৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। নগাঁও পৌৰ ব্লক কংগ্ৰেছে এই কাৰ্যসূচীৰ জড়িয়তে কেন্দ্ৰীয় চৰকাৰৰ নতুন ভূমি নীতিৰ তীব্ৰ বিৰোধিতা কৰে।

You might also like