নগাঁৱৰ চামগুৰিৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত
নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰঃ নগাঁৱৰ চামগুৰিৰ বিভিন্ন অঞ্চলত বৰ্তমানেও অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱত ।চামগুৰিৰ হাঁহচৰা-বৰালীগাৱঁৰ পথাৰত এতিয়া দিন দুপৰতে বন্যহস্তীয়ে বিচৰণ কৰি কৃষক ৰাইজক বিপদত পেলাইছে। বনৰীয়া হাতীৰ উপদ্ৰৱৰ মাজতো হাঁহচৰা-বৰালীগাৱঁৰ বিশাল পথাৰ খনৰ অধিকাংশ খেতি কৃষকে চপাবলৈ চেষ্টা কৰিছে যদিও একাংশ খেতি পথাৰ বন্যহস্তীয়ে ইতিমধ্যে তহিলং কৰিছে ।ৰাইজৰ হাজাৰ বাধাকো নেওচি দিন-ৰাতি একাকাৰ কৰি হাতী কেইটা ধান খাবলৈ প্ৰৱেশ কৰে হাঁহচৰা বৰালী গাঁৱৰ পথাৰত। ইফালে সমীপৰে গেন্ধালি মাজৰ-আটি গাঁৱতো বন্যহস্তীয়ে দিনদুপৰতে সঘনাই কৰি থকা উপদ্ৰৱে একপ্ৰকাৰ ৰাইজক আতংকিত কৰি তুলিছে ।ইফালে এই সন্দৰ্ভত বন বিভাগক অৱগত কৰিলেও হাতী খেদিবলৈ বিভিন্ন অজুহাত দেখুৱাই নহাৰ লগতে আজি পৰ্যন্ত বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজে কৰিছে ।