নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজহ চক্ৰ কাৰ্যালয় বিলুপ্তিৰ বিৰুদ্ধে নগৰবেৰাত আছুৰ উত্তাল প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ : ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বিলুপ্তিকৰণৰ বিৰুদ্ধে নগৰবেৰাত পশ্চিম কামৰূপ ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিলুপ্তিকৰণৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰীলৈ বিবেচনাৰ স্মাৰক-পত্ৰও প্ৰদান কৰে প্ৰতিবাদকাৰী ছাত্ৰ সংগঠনটিয়ে। শেহতীয়াকৈ চৰকাৰে কেতবোৰ ৰাজহ চক্ৰ কাৰ্যালয় বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰ কাৰ্যালয় বিলুপ্তিকৰণৰ বিৰুদ্ধে গৰজি উঠিছে পশ্চিম কামৰূপ ছাত্ৰ সন্থা | শনিবাৰে দুপৰীয়া নগৰবেৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ শতাধিক সদস্যই একত্ৰিত হৈ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে | বিলুপ্তিকৰণ প্ৰস্তাৱৰ প্ৰতিলিপি দাহ কৰি নগৰবেৰা ৰাজহ চক্ৰ বিষয়া উৎপল ডেকাৰ জৰিয়তে মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰীলৈ এই সিদ্ধান্ত বাতিলৰ দাবী জনায় প্ৰতিবাদী ছাত্ৰ সংগঠনটিয়ে | আগলৈ বিষয়টো বিবেচনা নকৰিলে ইয়াতকৈ অধিক জংগী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী ছাত্ৰ সংগঠনটিয়ে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like