নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ মালিবাৰীত নাও খেলক কেন্দ্ৰ কৰি মাৰপিট

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ কামৰূপৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মালিবাৰী টাউন ক্লাৱৰ সৌজন্যত জলজলী নৈত দুদিনীয়া কার্য্যসুচীৰে অনুষ্ঠিত হৈছে প্ৰতিযোগিতামূলক নাওখেল৷ ভাতৃত্ববোধৰ লক্ষ্যৰে পৰম্পৰাগত ভাবে অনুষ্ঠিত হোৱা নাও খেলৰ আৰম্ভণিতে বৃহস্পতিবাৰৰ বিয়লি ভাগত খেল চলি থকাৰ মাজতে জলজলী নৈৰ মাজত হঠাৎ হতাহতি আৰু পাছলৈ বঠা লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে, সোনাৰবৰণ পাখী বনাম নিউ আৱিস্কাৰ নামৰ নাও দুখনৰ মাজত নদী পথেৰে তীব্ৰ প্ৰতিযোগিতা চলি থকাৰ সময়ত পানীৰ ঢৌক কেন্দ্ৰ কৰি দুয়ো নাওৰ নাৱৰীয়াৰ মাজত হঠাৎ সংঘটিত হয় ভয়ংকৰ মাৰপিট ৷ সোনাৰ বৰন পাখী নাওৰীয়াৰ আক্রমণত নিউ আৱিস্কাৰ নাওখনৰ তিনিজনকৈ নাওৰীয়া গুৰুতৰ বাবে আহত হোৱাৰ লগতে নিউ আৱিষ্কাৰ নাওখন জলজলী নৈত ডুবি যায় | পাছলৈ এছ ডি আৰ এফ বাহিনীৰ সহযোগত বঠাৰ কোবত আহত নাওৰীয়া তিনিজনৰ লগতে বাকী নাওৰীয়া সকলক তৎপৰতাৰে উদ্ধাৰ কৰা হয় আৰু কমিটিৰ সহযোগত আহত হোৱা লোক তিনিজনক নদীৰ পৰা উদ্ধাৰ কৰি হেকৰা ৰাজ্যিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়। সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like