নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰা সমবায় সমিতিৰ এজেণ্ট আমজাদ হুছেইনৰ দুৰ্নীতি ফাদিল

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰ : ৰাজহুৱা বিতৰণ ব্যৱস্থাত ওলাইছে খঁকুৱা দালাল। ৰেচন কাৰ্ড বনোৱাৰ নামত তিনি হাজাৰ আৰু নতুনকৈ নাম ভৰাই দিয়াৰ নামত সমবায় এজেণ্টে জনেপ্ৰতি আদায় লয় পাঁচশ টকাকৈ। সমবায় এজেণ্ট’ৰ টকা লোৱাৰ ভিডিঅ’ ভাইৰেল আনকি সমবায় এজেণ্টৰ নামত আৰক্ষীতো দাখিল কৰা হয় এজাহাৰ। আমজাদ হুছেইন কামৰূপ জিলা যোগান বিভাগৰ অধীনস্থ নগৰবেৰা গাঁও পঞ্চায়ত সমবায় সমিতিৰ এজন এজেণ্ট। মন্দিৰা এন চি গাঁৱত আছে সমবায়ৰ দোকানখন। উপৰিঞ্চি আকৌ ৪১নং পিজুপাৰা গাঁও পঞ্চায়তৰ বিজেপিৰ নিৰ্বাচিত আঞ্চলিক পঞ্চায়ত সদস্যও আমজাদ হুছেইন নামৰ লোকজন। ইতিমধ্যে ৰাইজৰ চাউল সমবায়ৰ পৰা উঠাই নি ক’লা বজাৰত বিক্ৰী কৰিও ধৰা পৰিছিল হেনো এজেণ্ট আমজাদ হুছেইন! উত্থাপিত অভিযোগ অনুসৰি জিলা যোগান বিভাগক কেইবাবাৰো লিখিত অভিযোগ দিও নোম এডালো লৰাব পৰা নাই হেনো তেওঁৰ! শেহতীয়াকৈ এজেণ্টগৰাকীয়ে পৰিয়ালেপতি ৰেচন কাৰ্ড বনোৱাৰ বাবদ তিনি হাজাৰ আৰু নতুন সদস্যভৰ্ত্তিৰ নামত আদায় লৈছে পাঁচশকৈ। পিছে টকা লোৱা অৱস্থাত ভিডিঅ’ কৰিবলৈ সক্ষম হয় একাংশই। যি ভিডিঅ’ সম্প্ৰতি ভাইৰেলো হৈ পৰিল সামাজিক মাধ্যমত। অৱশেষত মন্দিৰা এন চি গাঁৱৰ একাংশ যুৱকে মঙলবাৰৰ আবেলি আমজাদ হুছেইনৰ বিৰুদ্ধে মন্দিৰা আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰে। প্ৰশ্ন হয় সমবায়ৰ এজেণ্ট হৈ দুৰ্নীতিৰ পাইকাৰী বেহা চলোৱা আমজাদ হুছেইনৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল’বনে আইনে? তাকে ভাবি ৰাইজ সন্দিহান।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like