নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চ : নগৰবেৰাৰ দোকুছি শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ প্ৰাংগণত ৰূপালী জয়ন্তী মহোৎসৱৰ কালি সফল সামৰণি পৰে | গাঁৱৰ পূৰ্বসুৰীসকলে পালন কৰি অহা পৰম্পৰাগত ৩০ ফাগুনৰ মহাসবাহৰ শ্ৰীমদ্ভাগৱত পাঠ মহোৎসৱে এইবেলি ১৪ মাৰ্চত ২৫ বছৰ গৰকিলে |সেইমৰ্মে নগৰবেৰাৰ দোকুছি গাঁৱৰ ৰাইজে এইবেলি গাঁৱৰ শ্ৰীশ্ৰী বাসুদেৱ নামঘৰ প্ৰাংগণত সভক্তিৰে তিনিদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী মহোৎসৱ উদযাপন কৰে | ১৩ মাৰ্চৰ পুৱা ধৰ্মীয় পতাকা উত্তোলন ,স্মৃতিচাৰণ, গছপুলি ৰোপণ, বন্তি প্ৰজ্বলন আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় | ১৪ মাৰ্চৰ পুৱা ভাগৱত স্থাপন, প্ৰসংগ, ভাগৱত পাঠ, গাঁৱৰ মাজেৰে ভাগৱত লৈ শোভাযাত্ৰা, আমন্ত্ৰিত নাম দলৰ নাম পৰিৱেশন আদি কাৰ্যসূচী সম্পন্ন হয় | আজি পুৱাৰ ভাগত নাম-প্ৰসংগৰে কাৰ্যসূচীৰ সামৰণি পৰে | মুঠতে তিনিদিনীয়াকৈ আয়োজন কৰা দোকুছি গাঁৱৰ শ্ৰীশ্ৰী বাসুদেৱ নামঘৰৰ ৰূপালী জয়ন্তী মহোৎসৱ পৰ্বক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰে এক বিশেষ উছৱমুখৰ পৰিবেশ |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস