নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত অপৰিৱৰ্তিত বান পৰিস্থিতি : বন্যাৰ্তৰ হাহাকাৰ

🎯 বানৰ কবলত নগৰবেৰা ৰাজহ চক্ৰৰ ২০খনকৈ গাঁও

নিয়মীয়া বাৰ্তা, ৫ জুলাইঃ কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰ এলেকাধীন প্ৰায় ২০খনকৈ গাঁও বানৰ কবলত পৰাত ৰাইজলৈ সীমাহীন বিপৰ্যয় নামিছে। ব্ৰহ্মপুত্ৰ, জলজলী, কলহী আৰু কৰ্নৈ নদীৰ বাঢ়নী পানীত বিগত দুটা দিনত নগৰবেৰাৰ কেবাখনকৈ ৰাজহ গাঁও বুৰাই পেলোৱাত বন্যাৰ্তৰ মাজত হাহাকাৰ লাগিছে৷ জলজলী, কলহী, কৰ্নৈ নৈৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰাত কুৰিখনকৈ গাঁৱৰ ৰাইজৰ মাজত একপ্ৰকাৰ আতংক বিয়পিছে। প্ৰাপ্ত তথ্য মতে, নগৰবেৰাৰ জামলাই, চেনিমাৰা, মধুশোলমাৰী, নাইটৰ, বিদ্যানগৰ, ৰূপহাৰা, কল্যাণপুৰ-বাঘমাৰা, খামেৰী-মাজৰগাঁও, মন্দিৰা এন চি, আলোপতি, ধামাপাৰা, মালিৱাৰী, সত্ৰ মালিৱাৰী, নিছিলামাৰী, পুৰাণ মালিৱাৰী, অদলা, সৰুডোৱা, ভখুৰাদিয়া, ৰংঙ্গেশ্বৰী পাম, টুপামাৰী, বদলা পথাৰ, মেধিপাৰা আদি কৰি ২০খনকৈ গাঁও বিগত দুদিনত জলমগ্ন হোৱাত উল্লেখিত অঞ্চলৰ ৰাইজৰ খাদ্য সামগ্ৰীৰ লগতে খোৱাপানীৰো সমস্যা হৈছে। বানৰ এই জটিল সময়ছোৱাত এমুঠি ভাতৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বহু বন্যাৰ্ত পৰিয়ালে। বিস্তৰ কৃষিভূমি বুৰাই পেলোৱাত পশুধনৰো নিৰাপদ স্থানলৈ নিব লগাত পৰিছে যদিও পশুধনৰো খাদ্য সংকট নামিছে ৷ উল্লেখিত অঞ্চলৰ ভিতৰত মালিৱাৰী আৰু মন্দিৰা এন এন চি’ত বানে জটিল পৰ্যায় পোৱাত ৰাইজৰ মাজত আতংকময় পৰিৱেশ বিৰাজ কৰিছে। বহু লোকে নিজৰ পৰিয়াল লৈ নাৱত বিপদসংকুলভাবে থাকিবলগীয়া হৈছে৷ নগৰবেৰা ৰাজহচক্ৰ এলেকাধীন অঞ্চলসমূহত আজিও বিপদসীমাৰ ওপৰেৰে বৈ আছে জলজলী, কৰ্নৈ আৰু কলহী নৈৰ জলস্তৰ৷ ইমানৰ পিছতো আজিলৈকে চৰকাৰী বিভাগ কিম্বা জিলা প্ৰশাসনৰ সহায় সাহায্য দূৰেৰে কথা বন্যাৰ্তৰ কোনেও খা-খৱৰ কৰা নাই বুলিও দুই-একে ক্ষোভ উজাৰিছে। শীঘ্ৰে বানপিড়ীত অঞ্চল পৰিদৰ্শন কৰি বানৰ কবলত পৰা ৰাইজক বিশুদ্ধ খোৱা পানীৰ লগতে খাদ্য সামগ্ৰী, পশুধন খাদ্য আৰু স্বাস্থ্য পৰীক্ষাৰ দিহা কৰিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে বানাক্ৰান্ত ৰাইজে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like