নিয়মীয়া বাৰ্তা, ২৮ জুলাই : পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ভখুৰাদিয়া-সোমবৰীয়া বজাৰ ঘাট, নগৰবেৰা-আলোপতি-মাজৰচৰ ঘাট (ৰাসমৈদান), মন্দিৰা ঘাট, মালিবাৰী জলজলী ঘাট আদিৰ একাংশ বালি মাফিয়াৰ নেতৃত্বত নগৰবেৰাৰ বিভিন্ন প্ৰান্তত নগৰবেৰা বন বিভাগৰ আশীৰ্বাদত বিগত এবছৰৰ পৰা নীৰৱে চলি আহিছে অবৈধ ৰঙা বালিৰ ৰমৰমীয়া বেহা ৷ প্ৰাপ্ত অভিযোগ মতে, নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ ছত্ৰছায়াত উল্লেখিত অঞ্চলৰ এটা বালি মাফিয়া চক্ৰই অতি কৌশলেৰে দীৰ্ঘদিনৰ পৰা বিভিন্ন অঞ্চলৰ পৰা নদীপথেৰে বালি যন্ত্ৰচালিত নাৱেৰে সৰবৰাহ কৰি নাওৰ পৰা হাজিৰা শ্ৰমিকৰ সহায়ত উল্লেখিত নৈৰ ঘাটসমূহত নমায় আৰু প্ৰথমে উল্লেখিত ঘাটত বালিৰ প্ৰকাণ্ড প্ৰকাণ্ড দ’ম কৰি পৰৱৰ্তী সময়ত নিশাৰ ভাগত নম্বৰবিহীন ট্ৰেক্টৰ, ঘোঁৰা গাড়ী আদিৰ সহায়ত অঞ্চলৰ বিভিন্ন ঠাইত বিক্ৰী কৰি অবৈধ বালিৰ ছিণ্ডিকেটৰাজ চলাই আহিছে | উল্লেখ্য যে অবৈধ বালি মাফিয়া চক্ৰটোৱে মালিবাৰী, মন্দিৰাৰ উপৰি প্ৰতিবেশী গোৱালপাৰা জিলাৰ পদূপাৰা আৰু মৰনৈৰ পৰা জলজলী নদীপথেৰে নিতৌ প্ৰায় ১৫ৰ পৰা ২০খনকৈ যন্ৰচালিত নৌকাৰে চালানবিহীনভাৱে আনি নগৰবেৰাৰ ভখুৰাদিয়া (সোমবৰীয়া) বজাৰ ঘাট, নগৰবেৰা আলোপতি মাজৰচৰ পাৰঘাট (ৰাসমৈদান), নগৰবেৰা লোকনাথ মন্দিৰ ঘাট, মন্দিৰাৰ জলজলী ঘাট, মালিবাৰী ঘাট, ভখুৰাদিয়া কদমতলী ঘাটকে আদি কৰি জলজলী নৈৰ পাৰৰ বিভিন্ন ঘাটত শাৰী শাৰীকৈ বালিৰ কেইবাটাও পাহাৰসম দ’ম কৰে আৰু তাৰ পৰাই চালানবিহীনভাৱে সোঁৱে-বাঁৱে এনে ধৰণৰ অবৈধ বালিৰ ছিণ্ডিকেটৰাজ চলাই আছে বালি মাফিয়া চক্ৰটোৱে ৷ স্হানীয় একাংশ ৰাইজে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বন বিষয়াগৰাকীৰ নিৰ্দেশত চলি থকা এনেধৰণৰ অবৈধ কাৰবাৰৰ বিৰুদ্ধে অভিযোগ দিলেও বালি মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সলনি মাহিলি কমিছনৰ খাটিৰতেই নাৱৰীয়া আৰু বালি মাফিয়াসকলক ফোনযোগে সজাগ আৰু সতৰ্ক কৰিহে দিয়ে বুলিও চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে | প্ৰাপ্ত অভিযোগৰ লগতে অবৈধ বালি কঢ়িওৱা একাংশ নাওৰীয়াই জনোৱা মতে, নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়াৰ নিৰ্দেশতেই বন বিভাগৰ বনকৰ্মীয়ে নদীপথত পহৰা দিয়ে যদিও সকলো জানি-শুনিও নেদেখাৰ ভাও জোৰাৰ লগতে অবৈধ বালি কঢ়িওৱা নাওসমূহৰ বিৰুদ্ধে আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো ৰাইজৰ বাবে এক অবুজ সাঁথৰ হৈ পৰিছে | বালিৰ এনে ব্যৱসায়ত নগৰবেৰাৰ বিভিন্ন অঞ্চলৰ প্ৰায় ২০খনকৈ নাও জড়িত হৈ আছে আৰু প্ৰতিখন নাওৰ পৰা মাহেকত তিনি হাজাৰকৈ ধন আদায় লৈ এনেধৰণৰ কাৰবাৰত নগৰবেৰাৰ বন বিভাগৰ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীয়ে সহায় কৰা বুলি সাংবাদিকৰ কেমেৰাৰ আগত স্বীকাৰোক্তি দিয়ে ৷ বালিৰ এনে ৰমৰমীয়া বেহা নগৰবেৰা বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ ছত্ৰছায়াতে চলি আছে বুলিও স্হানীয় সচেতন একাংশ ৰাইজে এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে | দীৰ্ঘদিনৰ পৰা চলি থকা নগৰবেৰাৰ উল্লেখিত অঞ্চলত অবৈধ বালিৰ ছিণ্ডিকেটৰাজ বন্ধ কৰিলে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত তেনে নকৰা বুলিও বহুতেই কোৱাকুই কৰিছে | জলজলী নৈৰ নিচেই কাষতে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় অৱস্থিত। শিল, বালি, চোৰাং কাঠ দিনে-নিশাই নদীপথেৰে সৰবৰাহ হৈ আছে যদিও বন বিভাগ নীৰৱ কিয় বুলিও ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ৷ স্মৰ্তব্য যে পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন প্ৰাধিকাৰী ( ডি এফ অ’) ডিম্পী বৰাৰ নিৰ্দেশত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাত অবৈধ শিল, বালি, কাঠৰ চোৰাং বেহা কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছিল যদিও শেহতীয়াকৈ সংশ্লিষ্ট বন বিষয়া-কৰ্মচাৰীৰ ৰক্ষকে ভক্ষক মানসিকতাৰ বাবেই বনাঞ্চলিক কাৰ্যালয়ৰ ভিন্ন স্থানত পুনৰ অবৈধ ছিণ্ডিকেট গঢ়ি উঠাৰ উমান পাই সকলো স্তম্ভিত হৈ পৰিছে | শীঘ্ৰে নগৰবেৰাৰ বিভিন্ন স্হানত চলি থকা এনে অবৈধ বালিৰ বেহা বন্ধ কৰাৰ লগতে অবৈধ বেহাৰ সতে জড়িত থকাসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ দাবী জনাইছে অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী ৰাইজে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস