🔹 অৰুণোদয় আঁচনিৰ নামত পাঁচশৰ পৰা দুহেজাৰ পৰ্যন্ত আদায়
🔹 দুৰ্নীতি-অনিয়মত জড়িতৰ শাস্তিৰ দাবী সচেতন ৰাইজৰ
নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ : কামৰূপৰ নগৰবেৰাস্থ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তে পঞ্চায়তে উজান উঠিছে দুৰ্নীতিৰ। অৰুণোদয় আঁচনিত ব্যাপক দুৰ্নীতি তথ্য পোহৰলৈ আহিছে। বঞ্চিত একাংশই ফাদিল কৰিলে আঁচনিখনৰ নামত ব্যাপক ধন লেনদেনৰ তথ্য | সোমবাৰে চৰকাৰে যুগুতোৱা অৰুণোদয় ৩.০ আঁচনিক লৈ ৪৪নং ভখুৰাদিয়া ৰংগেশ্বৰী পঞ্চায়তত অনুষ্ঠিত হৈছিল বিশেষ গাঁওসভা। পিছে অৰুণোদয়ত সংঘটিত দুৰ্নীতি আৰু হিতাধিকাৰী বাছনি তালিকাত এটা ভোটকেন্দ্ৰত একে পৰিয়ালৰে দুই সদস্যৰ নাম অন্তৰ্ভুক্তিক কেন্দ্ৰ কৰি সৃষ্টি হয় এক অবাঞ্ছিত পৰিস্থিতিৰ | ভখুৰাদিয়া হলংগাপাৰা হাইস্কুল প্ৰাংগণত অনুষ্ঠিত বিশেষ গাঁওসভাত ঘটিল এই অথন্তৰ। চৰকাৰে যুগুতাইছে অভিলাষী আঁচনি। পিছে পঞ্চায়তত একাংশই আঁচনিৰ নামত চলাইছে ব্যৱসায় | অৰুণোদয় আঁচনি প্ৰদানৰ নামত পাঁচশৰ পৰা হাজাৰ, দুহেজাৰ পৰ্যন্ত একাংশই আদায় লোৱাৰো অভিযোগ উঠিছে। ধন নিদিলে হেনো নাম নাথাকে তালিকাত ! চৰকাৰী আঁচনিৰ নামত সংঘটিত এনে দুৰ্নীতি-অনিয়মৰ তদন্ত আৰু এনে দুৰ্নীতিত জড়িতৰ শাস্তিৰ দাবী জনাইছে সচেতন ৰাইজে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস