নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ আজি শিল্পী দিৱস। অসমীয়া জাতিৰ অস্তিত্ব আৰু সংস্কৃতিৰ অন্যতম কাণ্ডাৰী, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পবিত্ৰ মৃত্যুদিন। ১৯৫১ চনৰ আজিৰ দিনটোতে তেজপুৰত মহাপ্ৰয়াণ ঘটিছিল এইগৰাকী মহান শিল্পীৰ। অসমৰ সমাজ জীৱন আৰু সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা মহান শিল্পী গৰাকীক আজি গীতে মতে স্মৰণ কৰা হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো আয়োজন কৰা হয় শিল্পী দিৱসৰ বিশেষ কাৰ্যসূচী, অধ্যক্ষ ধনেশ্বৰ দাসে পতাকা উত্তোলনেৰ শুভাৰম্ভ কৰে কাৰ্যসূচীৰ ,প্ৰাত সভাৰ মাজতেই প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, প্ৰতিচ্ছবিত মাল্যাৰ্পণ আদিবোৰ কাৰ্যসূচীৰ উপৰি অধ্যক্ষ ধনেশ্বৰ দাসে ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত স্থানীয় সংস্কৃতিপ্ৰেমী ৰাইজৰ মাজত জ্যোতিপ্ৰসাদৰ অসমীয়া সাহিত্য-সংস্কৃতিলৈ অৱদান আৰু জীৱন দৰ্শনৰ ওপৰত সাৰুৱা বক্তব্য আগবঢ়ায়। দিনজোৰাকৈ আয়োজিত এই কাৰ্যসূচীত বিয়লিলৈ কেতবোৰ সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰা বুলিও জানিব পৰা গৈছে ,কাৰ্যসূচী সমূহত সহ শিক্ষক বিজন দাস ,অজিত দাস আদিৰ লগতে সমূহ শিক্ষক-কৰ্মচাৰীয়ে পূৰ্ণ সহযোগ কৰে। আজিৰ এই বিশেষ দিনটোত গীতে-মাতে সোঁৱৰণ কৰা হয় ৰূপকোঁৱৰক।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস