নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত চুক্তিৰ পাছতো সময়মতে নহল কলাগুৰু থিয়েটাৰৰ নাট প্ৰদৰ্শন

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ : এখন থিয়েটাৰে থৰকাছুটি হেৰুৱাই দিলে আহ্বায়ক সমিতিৰ। আগতীয়াকৈ প্ৰচাৰ চলালে মাইকেৰে-থিয়েটাৰ চাবলৈ দৰ্শকক আহ্বান জনোৱা হৈছিল। চিজন টিকটকে আদি কৰি দুই-এখন প্ৰথম নিশাৰ টিকটো বিক্ৰী হৈছিল, পিছে যথাসময়ত থিয়েটাৰ পাৰ্টিৰ কোনো লোক উপস্থিতেই নহ’ল আনকি সচৰাচৰ কৰাৰ দৰে নাট প্ৰদৰ্শনৰ দিনটোতো সম্পূৰ্ণ হৈ নুঠিল পেণ্ডেলৰ কাম। মহান শিল্পীৰ বিভূষণেৰে নামকৰণ কৰা থিয়েটাৰ গোষ্ঠীৰ প্ৰৱঞ্চনা, নাট প্ৰদৰ্শনৰ বাবে চুক্তিবদ্ধ হৈ সময়ত উপস্থিত নহ’ল পেণ্ডেলত। আদবাটৰ পৰাই অইন স্থানলৈ সামগ্ৰী কঢ়িয়াই থাকোঁতেই অনুসৰণ কৰি গৈ আহ্বায়ক সমিতিয়ে জব্দ কৰিলে থিয়েটাৰ গোষ্ঠীৰ বাহন এখন। কামৰূপৰ নগৰবেৰাত কলাগুৰু থিয়েটাৰৰ মালবাহী বাহন এখন জব্দ কৰি আহ্বায়ক সমিতিয়ে চমজাই দিয়ে নগৰবেৰা থানাত আনকি থিয়েটাৰ গোষ্ঠীৰ নামত এজাহাৰো দাখিল কৰে আহ্বায়ক সমিতিয়ে। নাট প্ৰদৰ্শনৰ বাবে চুক্তিবদ্ধ হৈও যথাসময়ত থিয়েটাৰ পক্ষৰ কোনো লোক উপস্থিত নহ’ল পেণ্ডেলত। চুক্তিমতে কলাগুৰু থিয়েটাৰৰ ৮ আৰু ৯ ডিচেম্বৰত নগৰবেৰাত নাট প্ৰদৰ্শনৰ কথা আছিল, পিছে ৭ তাৰিখতো উপস্থিত নহ’ল থিয়েটাৰৰ এপদো সামগ্ৰী। ইফালে আহ্বায়ক সমিতিয়ে জোৰদাৰ প্ৰচাৰ চলালে আগদিনাই,ঠায়ে-ঠায়ে লগাইছিল পোষ্টাৰ, আনকি কালীন টিকট আৰু প্ৰথম নিশাৰ টিকটো কিছু বিক্ৰী কৰা হৈছিল আগধৰি। পিছে খৱৰ পোৱা গ’ল নগৰবেৰাত নহয় বেলেগ স্থানলৈহে গৈ আছে ঠিয়েটাৰৰ মালবাহী বাহন। খৱৰ পোৱা মাত্ৰেই অনুসৰণ কৰি গৈ ছয়গাওঁ অঞ্চলত সমিতিয়ে জব্দ কৰে কলাগুৰু থিয়েটাৰৰ মালবাহী বাহন এখন। নগৰবেৰা থানাত থিয়েটাৰ গোষ্ঠীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি আহ্বায়ক সমিতিয়ে বাহন খন চমজাই দিয়ে আৰক্ষীক আৰু ন্যায় প্ৰদানৰ দাবী জনায়। প্ৰশ্ন হয় কিহৰ বাবে লিখিত চুক্তিৰ পাছতো নাট প্ৰদৰ্শনৰ বাবে যথাস্থানত উপস্থিত নহ’ল থিয়েটাৰ গোষ্ঠী? আৰক্ষীৰ তদন্তত হয়তো পোহৰলৈ আহিব সকলো, ভ্ৰাম্যমাণ থিয়েটাৰৰ নামত কোনে কৰিলে এনে নজিৰবিহীন কাণ্ড?

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like