নগৰবেৰা প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ নগৰবেৰা প্ৰেছ ক্লাৱৰ আজি এক জৰুৰী সাধাৰণ সভাৰ আয়োজন কৰা হয়। সভাপতি সঞ্জীৱ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত পুৰণা সমিতি ভংগ কৰি তলত দিয়া ধৰণেৰে নগৰবেৰা প্ৰেছ ক্লাৱৰ নতুন সমিতিখন গঠন কৰা হয়। সেইমৰ্মে সঞ্জীৱ কুমাৰ দাস সভাপতি, বিৰাজ কলিতা উপ-সভাপতি, আবুল হুছেইন সাধাৰণ সম্পাদক, জাকিৰ হুছেইন মণ্ডল সহঃ সম্পাদক, বিল্লাল হুছেইন সাংস্কৃতিক সম্পাদক, শ্বাহ শ্বাহিন জামানক কাৰ্যালয় সম্পাদক হিচাপে লৈ মুঠ ১৭জনীয়া সমিতিখন নতুনকৈ গঠন কৰা হয়। অচিৰেই নতুন সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰিব।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস