নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰা প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসক উপলক্ষে অভ্যৰ্থনা সমিতি গঠন

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ আজি কামৰূপৰ নগৰবেৰা প্ৰেছ ক্লাৱৰ সমাগত প্ৰতিষ্ঠা দিৱস আয়োজনক লৈ নগৰবেৰা পৰিদৰ্শন ডাক বঙলাত আঞ্চলিক মৌজা কমিটিৰ সভাপতি উদয় শংকৰ মেধিৰ সভাপতিত্বত এক সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত অহা ২৩ আৰু ২৪ মাৰ্চ (শনি-দেওবাৰ)ত হ’বলগীয়া প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মদন চন্দ্ৰ পাঠক সভাপতি, পবিত্ৰ কুমাৰ মেধি, পঞ্চানন কলিতা আৰু অমিয় কুমাৰ মেধি, ইন্দ্ৰমোহন দাসক উপসভাপতি, সঞ্জীৱ কুমাৰ দাসক মুখ্য সম্পাদক, বিৰাজ কলিতা আৰু আবুল হুছেইনক সম্পাদক, জয়প্ৰকাশ কলিতা, জাকিৰ হুছেইন মণ্ডলক সহ সম্পাদক হিচাপে লৈ অভ্যৰ্থনা সমিতি আৰু আলোচনী সমিতিত ৰবিলোচন ঠাকুৰীয়াক সভাপতি, ত্ৰিদিপ কলিতা, আবুল কালাম আজাদ আৰু প্ৰাঞ্জল কলিতাক সম্পাদক হিচাপে লৈ আলোচনী সমিতিখনো আজিৰ সভাতেই গঠন কৰা হয়। আজিৰ সভাত উপস্থিত প্ৰতিজনেই নগৰবেৰা প্ৰেছ ক্লাৱৰ সমাগত প্ৰতিষ্ঠা দিৱসৰ প্ৰতিটো কাৰ্যসূচী সফলকাম কৰিবলৈ সমূহ ৰাইজৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like