নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ : পশ্চিম কামৰূপৰ এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান নগৰবেৰাস্থ শংকৰদেৱ শিশু বিদ্যা নিকেতনে চলিত বৰ্ষত ২৫ বছৰত পদাৰ্পণ কৰা সূত্ৰে আগন্তুক ২৫, ২৬ ডিচেম্বৰত সম্ভাব্য সময়সূচী লৈ দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী মহোৎসৱ উদযাপনৰ যো-জা চলাইছে | ইতিমধ্যে ৰূপালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰি মহোৎসৱ উদযাপন সমিতিও গঠন কৰা হৈছে | সেইমৰ্মে সভাপতি নৃপেন কলিতা, কাৰ্যকৰী সভাপতি বিভূতি ঠাকুৰীয়া, উপ-সভাপতি মণ্ডলী যথাক্ৰমে গণেশ তালুকদাৰ, মাতৃগোটৰ সভানেত্ৰী আৰু ছাজাহান আলী মণ্ডল, যুটীয়া সম্পাদক খনীন্দ্ৰ চৌধুৰী, হৰিপ্ৰসাদ দাস, যুটীয়া সহঃ সম্পাদক মনোজ ঠাকুৰীয়া, দীপাংকৰ কলিতা আদিৰে এক বহল পৰিসৰৰ শক্তিশালী ৰূপালী জয়ন্তী উদযাপন সমিতি এখন গঠন কৰা হয় আৰু আজি শিক্ষানুষ্ঠান প্ৰাংগণত কাৰ্যকৰী সমিতিৰ এখন সভা অনুষ্ঠিত হয় | সভাত ডিচেম্বৰ মাহৰ উল্লেখিত তাৰিখ দুটা সম্ভাব্য তাৰিখ হিচাপে লৈ দুদিনীয়াকৈ ৰূপালী জয়ন্তী উদযাপনৰ পৰিকল্পনা যুগুতোৱা হয় | শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীৰ বৌদ্ধিক আৰু সাংস্কৃতিক বিকাশৰ লক্ষ্য আগত ৰাখি মহোৎসৱত সংগৃহীত পুঁজিৰ ৰাহিখিনিৰে শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি উন্নয়নৰ সংকল্প গ্ৰহণ কৰা হয় | সভাত উপস্থিত প্ৰতিগৰাকী বক্তাই নিজৰ নিজৰ ভাষণত শংকৰদেৱ শিশু বিদ্যা নিকেতনখনৰ সৰ্বাংগীণ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like