🔹 ভখুৰাদিয়াত ঘৰত ওপৰত বাগৰিল প্ৰকাণ্ড গছ : কথমপি প্ৰাণৰক্ষা চাৰিজনৰ
নিয়মীয়া বাৰ্তা, ২৯ মে’ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ বৃহত্তৰ নগৰবেৰাৰ বহু স্থানত সাগৰীয় ঘূৰ্ণি বতাহ ৰেমালৰ পূৰ্ণ প্ৰভাৱ পৰিলক্ষিত হৈছে | বিগত দুদিন দিন ধৰি ঘূৰ্ণি বতাহ-বৰষুণে জনজীৱন স্তব্ধ কৰি তোলে । বৰষুণ আৰু ধুমুহাৰ ফলত নগৰবেৰাৰ বিভিন্ন এলেকাত গছ-গছনি উভালি যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাৰ লগতে বিদ্যুত সেৱাও বিঘ্নিত হৈ পৰে | ইপিনে, নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ভখুৰাদিয়াত যোৱানিশা ধুমুহাৰ তাণ্ডৱত প্ৰকাণ্ড গছ ঘৰৰ ওপৰত বাগৰি পৰাত আতংকিত হৈ পৰে অঞ্চলটোৰ ৰাইজ। ভখুৰাদিয়াত ঘৰৰ ওপৰত গছ বাগৰি পৰা ঘটনাত কথমপি চাৰিজনকৈ লোকৰ প্ৰাণৰক্ষা পৰে । নিশা হোৱা প্ৰচণ্ড ধুমুহা-বৰষুণৰ সময়তে গাঁওখনৰ ছাবেদ আলী নামৰ লোকজনৰ ঘৰৰ ওপৰত বাগৰি পৰে দুজোপাকৈ প্ৰকাণ্ড গছ। সেই সময়ত ঘৰৰ ভিতৰত আছিল ছাবেদ আলীৰ পত্নী আৰু তিনিটাকৈ কণমানি সন্তান। সৌভাগ্যক্ৰমে আটাইকেইজন ৰক্ষা পৰে যদিও আতংকিত হৈ পৰে প্ৰতিজন । এই ঘটনাত প্ৰায় দুই লক্ষাধিক টকাৰ ক্ষতিসাধন হয় দৰিদ্ৰ পৰিয়ালটোৰ। দক্ষিণ বৰপেটাৰ চৰাঞ্চলতো ৰেমালৰ পূৰ্ণ প্ৰভাৱ পৰিছে। ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ ফলত বৃহত্তৰ চৰাঞ্চলত বিস্তুৰ ক্ষতিসাধন হয়। বহু ঠাইত বিদ্যুতৰ তাঁৰৰ ওপৰত গছ বাগৰি পৰি বিদ্যুতৰ তাঁৰ ছিঙি যোৱাৰ ফলত ব্যাহত হৈছে বিদ্যুত সেৱা। বহুত ঠাইত আকৌ পথত গছ-গছনি বাগৰি পৰাত যাতায়াত ব্যাহত হৈ পৰে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস