নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ টুপামাৰীক ড্ৰাগছমুক্তৰ দাবীত নিশা ৰাইজৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰ : ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে নগৰবেৰাৰ বিভিন্ন অঞ্চল। ড্ৰাগছ সেৱন কৰি নিঃশেষ হ’ব ধৰিছে যুৱ সমাজ | সোমবাৰৰ সন্ধিয়া টুপামাৰী বজাৰ প্ৰাংগণত স্থানীয় বজাৰ পৰিচালনা সমিতি, ব্যৱসায়ী সন্থা আৰু সচেতন ৰাইজৰ উদ্যোগত নিচাজাতীয় সামগ্ৰীৰ প্ৰচলন বন্ধ কৰাৰ দাবীত ৰাজপথত উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰা হয় | ৰাইজে ধৰা এজন ড্ৰাগছ ব্যৱসায়ীয়ে ছেগ বুজি পলায়ন কৰাৰ পাছতেই ড্ৰাগছৰ বিৰুদ্ধে মাৰবান্ধি ওলায় ৰাইজ আৰু সকলোকে ড্ৰাগছৰ বিৰুদ্ধে সকীয়নি দিয়ে | আগলৈ যিকোনো নিচাজাতীয় সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা দিয়ে প্ৰতিবাদকাৰীসকলে। অন্যথা কঠোৰ হোৱাৰো হুংকাৰ দিয়ে। একেদৰে আৰক্ষী প্ৰশাসনৰ সহযোগত সজাগতা কাৰ্যসূচী গ্ৰহণৰ কথাও উল্লেখ কৰে প্ৰতিবাদকাৰীয়ে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like