নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত বানপীড়িতলৈ নগা লোকৰ সহায়ৰ হাত

বিশেষ বাৰ্তা, ১৭ জুলাইঃ অসমৰ শেহতীয়া বান পৰিস্থিতিয়ে ৰাজ্যবাসীক জুৰুলা কৰি থকাৰ সময়ত বানপীড়িত লোকৰ সামান্য সহায়ৰ বাবে একাংশ নগা লোক আগবাঢ়ি অহা প্ৰসংগই এক আশাৰ বতৰা কঢ়িয়াই আনিছে। মৰিয়নিবাসী ৰাইজে বানপীড়িত লোকৰ সহায়ৰ বাবে অভিযান চলাই থকাৰ বিষয়ে জানিব পাৰি নগালেণ্ডৰ ডিমাপুৰ চুমুকেডিমা অঞ্চলৰ নগা সঁ‌জাতি দল এটাই নগদ ২২ হাজাৰ টকা আগবঢ়ায়। ডিমাপুৰৰ পৰা অহা চুবা আও আৰু আচাংলা আও (ডলী) নামৰ দুজনীয়া দলটোৱে মৰিয়নিৰ কিংশুক চ’ৰাত বানপীড়িত লোকৰ বাবে অভিযান চলাই থকা লোকসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ হাতত ধন খিনি অৰ্পন কৰে। তেওঁলোকে কয়- বিষয়টো তেওঁলোকৰ অৱগত হোৱা কিছু পলম হোৱাৰ বাবে পৰ্য্যাপ্ত সহযোগিতা আগবঢ়াব নোৱাৰিলে যদিও সামান্য আৰ্থিক সহযোগিতা আগবঢ়াইছ আৰু উক্ত ধনেৰে বানপীড়িত ৰাইজক সামান্য সকাহ দিবলৈ অনুৰোধ জনায়। প্ৰসংগক্ৰমে তেওঁলোকে সুধাকন্ঠৰ ‘মানুহে মানুহৰ বাবে’ গীতটোৰ প্ৰসংগ উল্লেখ কৰি কয়- বিপদৰ সময়ত মানুহেই যদি মানুহৰ সহায় হ’ব নোৱাৰে তেন্তে কেতিয়া হ’ব। নগা অসমীয়া বুলি কোনো কথা নাই, মানুহৰ বিপদৰ সময়ত সকলো এক হোৱাটোৱে ডাঙৰ কথা বুলি দুয়ো মন্তব্য কৰে। সি যি কি নহওক বিভিন্ন সময়ত সংঘটিত হৈ থকা নগা অসমীয়াৰ মাজৰ অপ্ৰীতিকৰ ঘটনাৰ মাজত এনেবোৰ ইতিবাচক ঘটনাই সমাজলৈ শুভবাৰ্তাৰ লগতে আশাৰ বতৰা কঢ়িয়াই আনে। নগা লোকসকলৰ এনে বদান্যতাক মৰিয়নিবাসীয়ে শলাগ লৈছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like