বিশেষ বাৰ্তা, ৯ নৱেম্বৰঃ চাহ দিয়াত পলম হোৱাৰ বাবেই অপাৰেচন থিয়েটাৰৰ পৰা অস্ত্রোপচাৰ আধাতে সামৰি এগৰাকী চিকিৎসক গুচি যোৱা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে নাগপুৰত৷ চিকিৎসকগৰাকীৰ এনে কার্যত হাস্পতাল কর্তৃপক্ষৰ হাহাকাৰ লাগে৷ ৩ নৱেম্বৰত নাগপুৰৰ মৌদাৰ চৰকাৰী হাস্পতালত এই ঘটনা সংঘটিত হৈছে৷ সেইদিনাখন আঠগৰাকী মহিলাৰ গর্ভাশয়ৰ অস্ত্রোপচাৰৰ কথা আছিল৷ চাৰিগৰাকী মহিলাৰ অস্ত্রোপচাৰ নির্বিঘ্ণে সম্পূর্ণ হৈছিল৷ অন্য চাৰিগৰাকী মহিলাক এনাস্থেচিয়া দিয়া হৈ গৈছিল৷ কিন্তু ইয়াৰ পিছতে ক্ষোভত ফাটি পৰে চিকিৎসক তেজৰং ভালাভিৰ৷ হাস্পতালৰ কর্মীসকলক একাপ চাহ বিচাৰিছিল চিকিৎসকগৰাকীয়ে৷ কিন্তু চাহ দিয়াত বিলম্ব হোৱা বাবেই চাৰিগৰাকী মহিলাক এনাস্থেছিয়া দি অপাৰেচন থিয়েটাৰৰ পৰা বাহিৰলৈ ওলাই যায় চিকিৎসকগৰাকী৷ ইয়াৰ পিছতে অস্বস্তিত পৰে হাস্পতাল কর্তৃপক্ষ৷ ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে নাগপুৰ জিলা স্বাস্থ্য বিষয়াই৷
#বাৰ্তা ডেস্ক