বিশেষ বাৰ্তা, ২৮ অক্টোবৰঃ নাহৰকটীয়া লেঙেৰীজান চাহ বাগিচাত আজি পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। উল্লেখযোগ্য যে নাহৰকটীয়া চহৰৰ গাতে লাগি থকা লেঙেৰীজান চাহ বাগিচাত আজি কিছুদিন ধৰি কেইবাটাও নাহৰফুটুকী বাঘে বিচৰণ কৰি থকাৰ লগতে স্থানীয় ৰাইজৰ পশুধন ভক্ষন কৰি একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । বাগিচা খনত কেইবাটাও নাহৰফুটুকী বাঘ বিচৰণ কৰি থকাৰ ফলত পাত ছিঙিবলৈ যোৱা শ্ৰমিক সকলৰ মাজত ভয়-শংকা বৃদ্ধি পোৱাত যোৱা সপ্তাহত জয়পুৰ বন বিভাগে বাগিচা খনৰ ২৬নং ছেকচনত এটা পিঞ্জৰা স্থাপন কৰাত আজি বিয়লি এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। ইফালে নাহৰফুটুকী বাঘটো পিঞ্জৰাবদ্ধ হোৱা খবৰ বিয়পি পৰা লগে লগেই বাঘটো চাবলৈ ভিৰ কৰেহি স্থানীয় লোক সকলে।জয়পুৰ বন বিভাগে পিঞ্জৰাবদ্ধ বাঘটো দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিব যদিও বাগিচা খনত বিচৰণ কৰি থকা বাকী কেইটা নাহৰফুটুকী বাঘক অতিশীঘ্ৰে পিঞ্জৰাবদ্ধ কৰি শ্ৰমিক সকলক সকাহ দিবলৈ বন বিভাগৰ ওচৰত দাবী জনাই বাগিচা কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা