নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া মহাবিদ্যালয়ত ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন

বিশেষ বাৰ্তা, ৫ নৱেম্বৰঃ সুধাকন্ঠ ভূপেন হাজৰিকাৰ ১২সংখ্যক মৃত্যু দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে নাহৰকটীয়াতো বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে তেওঁৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। এই উপলক্ষে নাহৰকটীয়া মহাবিদ্যালয়তো ছাত্ৰ একতা সভাৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অবিনাশ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে বিশ্বশিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পার্ঘ অৰ্পণ কৰি ভূপেন হাজৰিকাৰ গীতসমূহে তেওঁৰ অৱৰ্তমানটো তেওঁক চিৰদিন আমাৰ মাজত জীয়াই ৰাখিব বুলি প্ৰকাশ কৰি তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে মহাবিদ্যালয়ৰ অধ্যাপিকা জ্যোতিকা অভয়পুৰীয়া, ডঃ স্বপ্নালী বৰা আৰু দিলীপ বনীয়াৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ তৰফৰ পৰা দেৱৰাজ বুঢ়াগোহাঁই, অবিনাশ বৰুৱা, অম্পি ফুকন, ৰিমলী কোঁৱৰ, বৰষা দাস আৰু প্ৰিয়ংকা চেতিয়াই গীত পৰিৱেশন কৰি জীপাল কৰি তোলা অনুষ্ঠানটোত আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ডঃ অনন্ত কুমাৰ বৰুৱা, অধ্যাপক ডঃ ধীৰাজ কুমাৰ দাস, কুঞ্জমুকুল গগৈ, কৰবী হাজৰিকা, অনামিকা গগৈ, ডঃ পৰেশ খনিকৰ, নন্দেশ্বৰ বানায়, যাদৱ নেৱাৰ আদিকে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like