এমএলএ কাপ ক্ৰিকেটত নাহৰকটীয়া বিধায়ক একাদশ চূড়ান্ত বিজয়ী
বিশেষ বার্তা, ৯ ফেব্ৰুৱাৰী : নাহৰকটীয়াৰ বিধায়ক তৰঙ্গ গগৈৰ উদ্যোগত নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা আন্তঃবিভাগীয় দিবা নৈশ এম এল এ কাপ ক্ৰিকেট প্ৰতিযোগিতা ২০২৫ত নাহৰকটীয়া বিধায়ক একাদশে চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰিছে। যোৱা ৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা আৰু সৰ্বমুঠ ১৬টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনৰ কালি নিশা অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত শক্তি একাদশক ৬ উইকেটৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ী হয়। উল্লেখযোগ্য যে বিধায়ক একাদশৰ অধিনায়ক তৰঙ্গ গগৈয়ে টছত জিকি প্ৰথমে বেটিংৰ আমন্ত্ৰণ দিয়াত শক্তি একাদশে বিধায়ক দলৰ তীক্ষ্ণ বলিঙৰ সন্মুখত দিশহাৰা হৈ নিৰ্ধাৰিত ১০ অভাৰত ৮ টা উইকেট হেৰুৱাই মাত্ৰ ৬০ ৰাণ হে কৰিবলৈ সক্ষম হয় যত একমাত্ৰ কুসংকু বৰা আৰু অৰুণ টাউৰাই ১৩ ৰাণ কৈ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে অভিজিত দত্ত, ৰাজেশ নন্দী আৰু শিৱম নন্দীয়ে দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ প্ৰত্যুত্তৰত বিধায়ক একাদশৰ দীপাংকৰ ৰাইডিঙিয়াৰ বিধ্বংসী ২৯ ৰাণ আৰু অভিজিত দত্তৰ ১৫ ৰাণৰ সহায়ত বিধায়ক দলে মাত্ৰ ৫.২ অভাৰতে ৪ টা উইকেট হেৰুৱাই নিৰ্দিষ্ট লক্ষ্যত উপনীত হয়। বিজয়ী দলৰ অভিজিত দত্তই চূড়ান্ত খেল আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ ৰূপে বিবেচিত হোৱাৰ বিপৰীতে নাহৰকটীয়া ক্ৰীড়া সন্থাৰ ৰাজদ্বীপ গগৈয়ে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বেটাৰ, বিধায়ক একাদশৰ হৰি নির্মলীয়া আৰু শিক্ষা বিভাগৰ লক্ষী ডেকাই যুটীয়া ভাৱে শ্ৰেষ্ঠ বলাৰ আৰু শক্তি বিভাগৰ অৰুণ টাউৰা (ভিয়া)ই শ্ৰেষ্ঠ ফিল্ডাৰৰ খিতাপ অর্জন কৰে। খেলৰ শেষত বঁটা সমূহ বিতৰণ কৰে নাহৰকটীয়া সম জিলাৰ উপায়ুক্ত সংঘমিতা বৰুৱা, ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈ আৰু নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা