নাহেন্দ্ৰ পাদুনলৈ অসম কবি সমাজৰ কবি কেশৱ মহন্ত বঁটা
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জানুৱাৰীঃ অসম কবি সমাজে ২০২৪ চনৰ বিভিন্ন কাব্য-বঁটাৰ বাবে নিৰ্বাচিত কবিৰ নাম ঘোষণা কৰিছে। এইবাৰ কবি কেশৱ মহন্ত বঁটা আগবঢ়োৱা হৈছে পঞ্চাশৰ দশকৰ কবি সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনলৈ। কেশৱ মহন্ত ন্যাসৰ সৌজন্যত আগবঢ়োৱা এই বঁটাত থাকিব গামোচা,মানপত্ৰ, নগদ ধন দহ হাজাৰ টকা আৰু এটি স্মৃতিচিহ্ণ। কবি প্ৰদীপ কুমাৰ বৰুৱা বঁটা লাভ কৰিছে গায়ত্ৰী দেৱী বৰঠাকুৰে, কাব্যগ্ৰন্থ- ’ফেথ’মিটাৰ’। অসম কবি সমাজৰ প্ৰাক্তন সহকাৰী সম্পাদক প্ৰদীপ কুমাৰ বৰুৱাৰ সোঁৱৰণত তেওঁৰ পৰিয়ালে আগবঢ়োৱা এই বঁটাত আছে গামোচা, মানপত্ৰ, নগদ ধন দহ হাজাৰ টকা আৰু কিতাপৰ টোপোলা। বিশিষ্ট সাংবাদিক, সাহিত্যিক কামিনীকান্ত ফুকনৰ সোৱঁৰণত পৰিয়ালে আগবঢ়োৱা সাহিত্যিক-সাংবাদিক কামিনীকান্ত ফুকন বঁটা লাভ কৰিছে ৰেমী শৰ্মাই, কাব্য-গ্ৰন্থ ‘লাহেকৈ কোৱা কোনোবাই শুনিব’। এই বঁটাত আছে গামোচা,মানপত্ৰ, নগদধন দহ হাজাৰ টকা আৰু কিতাপৰ টোপোলা। কৃতি-শিক্ষক আৰু সমাজকৰ্মী শ্ৰীহৰি ডেকাৰ সোৱঁৰণত পৰিয়ালে আগবঢ়োৱা বঁটা ‘’কৃতি শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী প্ৰয়াত শ্ৰীহৰি ডেকা বঁটা‘’ লাভ কৰিছে ‘’সাধু এটাৰ পাছে পাছে‘’ কাব্য-গ্ৰন্থৰ বাবে অনুপজ্যোতি মহন্তলৈ। এই বঁটাত আছে গামোচা,মানপত্ৰ, নগদ ধন পাঁচহাজাৰ টকা আৰু কিতাপৰ টোপোলা। অসম কবি সমাজে এক বিশেষ বঁটা প্ৰদান অনুষ্ঠানত এই সমূহ বঁটা প্ৰদান কৰিব বুলি অসম কবি সমাজৰ সভাপতি ৰাজীৱ কুমাৰ ফুকন আৰু সম্পাদক প্ৰধান বৰ্ণালী বৰা বৈশ্যই জানিবলৈ দিয়ে।