বিশেষ বার্তা, ২ আগষ্ট : বিহালীৰ বৰগাঙৰ মাঝি হোটেলত কালি লালমোহনত গজাল ওলোৱাৰ এক ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। প্ৰাপ্ত বাতৰি মতে বিহালী স্নাতক মহাবিদ্যালয়লৈ কালি হোটেল খনৰ পৰা কিছু মিঠাই নিয়া হৈছিল আৰু উক্ত মিঠাইৰ লগতে লালমোহনো আছিল। পিছে সেই লালমোহন খাওঁতে মহাবিদ্যালয়ৰ অধ্যাপক ড০ হেমন্ত বৰাৰ ডিঙিত কিবা পদাৰ্থ জাতীয় বস্তু এটাই আঘাট কৰাত কোনোমতে আঙুলি সুমুৱাই বস্তুটো উলিওৱাত এটা এক ইঞ্চিৰ দৈর্ঘৰ গজাল ওলাই আহে। লগে লগে হুলস্থুল লাগে আৰু হোটেলত গৈ সোধা-পোছা কৰাত হোটেল কৰ্তৃপক্ষই ভুল স্বীকাৰ কৰে যদিও এই লালমোহনটো শিশুৱে খোৱা হলে কেনে এক সাংঘাটিক ঘটনা হল হয় বুলি বিষয়টো চৰ্চিত হৈ আছে। পৰিলক্ষিত মতে হোটেল খনৰ ভিতৰত য’ত মিঠাই আদি তৈয়াৰ কৰা হয় অপৰিষ্কাৰ আৰু কদৰ্যতাৰে ভৰা। হোটেলৰ কাৰিকৰজনৰ মতে চেনিত গজালটো আছিল। যদি চেনিত গজালটো আহিছিল তেন্তে লালমোহনটোৰ ভিতৰত সোমাল কেনেকৈ! হোটেলখনত চিচি কেমেৰাও নাই আৰু বাহিৰত মুকলিকৈ খাদ্য সামগ্ৰী তৈয়াৰ কৰি গ্ৰাহক ৰাইজক খোৱাই আহিছে। ৰাইজে জিলা খাদ্য অসামৰিক যোগান বিভাগৰ চোকা দৃষ্টি আকৰ্ষণ কৰিছে যাতে মাঝি হোটেলখনৰ লগতে যিবোৰ হোটেল আছে বিধিগতভাবে নিয়ম আদি মানি চলিছে নাই পৰিদৰ্শন কৰি বিহিত ব্যৱস্থা লবলৈ দাবী জনাইছে।
প্ৰেৰক অমিতাভ বৰুৱা