নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা নগৰত উদঙীয়া গৰুৰ সন্ত্ৰাস

নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ উদঙীয়া গৰুৰ চৰণীয়া পথাৰত পৰিণত হৈছে ঢকুৱাখনা নগৰ।ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু পৌৰসভাৰ নিস্ক্ৰিয়তাৰ বাবেই উদঙীয়া গৰুৰ বাবে ত্ৰাহি মধুসূদন সুঁৱৰিব লগা হৈছে পথচাৰীয়ে। ঢকুৱাখনা মহকুমাৰ প্ৰাণকেন্দ্ৰ নগৰৰ মাজমজিয়াত মাজমজিয়াত এজাক গৰুৱে দীৰ্ঘদিনৰ পৰা দিনে-নিশাই জাক পাতি বিচৰণ কৰি স্বাভাৱিক যাতায়াত বিঘ্নিত কৰি অহাৰ সমান্তৰালকৈ নগৰখনত সঘনে সংঘটিত হৈছে পথ দুৰ্ঘটনা। নগৰখনৰ ব্যস্ত ৰাজপথত গাড়ীৰ আগে-আগে গৰুৰ লয়-লাস ভঙ্গী এতিয়া দৈনিক দেখিবলৈ পোৱা যায়। নগৰখনৰ একাংশ অসচেতন গৰুৰ গৰাকীয়ে পোহনীয়া গৰুসমূহ মুকলি পথাৰত গৰু চৰিবলৈ এৰি দিয়াৰ পৰিৱৰ্তে ৰাজপথৰ ওপৰলৈ গৰু খেদি দিয়াৰ ফলত নগৰৰ মূল পথৰ লগতে অলিয়ে-গলিয়ে উদঙীয়া গৰুৱে বিচৰণ আৰু আশ্ৰয় লোৱাটো সহজলভ্য হৈ পৰিছে৷ পৌৰসভাৰ পথৰ মাজত বিচৰণ কৰা গৰু জাকবোৰৰ বাবে বহু বিপদৰ সন্মুখীন হোৱাৰ অভিযোগ তুলিছে পথচাৰীয়ে। পথত শুই থকা আৰু আশ্ৰয় লোৱা গৰুৰ বাবেই দিনৰ লগতে নিশাৰ ভাগত সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ বিশেষকৈ নগৰখনৰ সদাব্যস্ত ঘূণাসুঁতি সংযোগী পথত প্ৰায়েই গৰুৰ জাকে বিপদত পেলায় পথচাৰীক।নগৰখনত দ্ৰুতগতিত বৃদ্ধি পোৱা উদঙীয়া গৰু নিয়ন্ত্ৰণৰ বাবে ৰাজীৱ দাস নেতৃত্বাধীন ঢকুৱাখনা পৌৰাসভাই এটা ‘পাউণ্ড’ নিৰ্মাণ কৰি কিছুদিনৰ বাবে নগৰখনৰ উদঙীয়া গৰুসমূহ জব্দ কৰি গৰুৰ গৰাকীৰ পৰা জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও সেই ব্যৱস্থা বৰ্তি নাথাকিল।ব্যস্ত পথৰ মাজত জাক পাতি অৱস্থান কৰাৰ ফলত ঢকুৱাখনা নগৰত সকলো সময়তে যাতায়ত বাধাগ্ৰস্থ আৰু সৰু বৰ দুৰ্ঘটনা সংঘটিত হোৱাতো সাধাৰণ ঘটনাত পৰিণত হৈছে৷ অথচ কিন্তু ৰাজহ সংগ্ৰহৰ প্ৰতিযোগিতাত নিৰীহ যান-বাহন, বাইক আৰোহী-চালকক ই-চালান কটাত নিয়োজিত আৰক্ষীৰ চকুৰ সন্মুখতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈ আছে ঢকুৱাখনাত। সম্প্ৰতি ঢকুৱাখনা নগৰৰ মূল সমস্যা হিচাপে চিহ্নিত হোৱা উদঙীয়া গৰু নিয়ন্ত্ৰণৰ দাবী তুলিছে সাধাৰণ জনতাই।প্ৰয়োজনত প্ৰশাসনক এনে গৰুৰ গৰাকীৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ ৰুজু কৰাৰ দাবী জনোৱাৰ লগতে উদঙীয়া গৰু জব্দ কৰি গো-শালালৈ প্ৰেৰণৰো দাবী জনাইছে ৷

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like