নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রেপ্তাৰৰ ভয়ত পলাল নলবাৰীৰ লম্পট অগপ নেতা

যুৱতীক ধাৰাবাহিক যৌন শোষণ

নিয়মীয়া বাৰ্তা ৪ জুলাইঃ বিয়াৰ প্রলোভনেৰে নলবাৰীৰ এগৰাকী দুই সন্তানৰ পিতৃ তথা জিলা অগপৰ এগৰাকী নেতাৰ কামনাৰ বলি হ’ল এগৰাকী যুৱতী৷ নিজৰ কামনা চৰিতার্থৰ উদ্দেশ্যে মৃদুল জ্যোতি ডেকা নামৰ লম্পট যুৱকজনে নিজৰ ব্যৱসায়িক প্রতিষ্ঠানৰ যুৱতী কর্মী এগৰাকীৰ স’তে অবৈধ শাৰীৰিক সম্পর্ক ৰক্ষা কৰি অৱশেষত গ্রেপ্তাৰ হোৱাৰ ভয়ত পলাই থকা ঘটনাই জিলাব্যাপী চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এইগৰাকী অগপ নেতা, প্রাক্তন ছাত্র নেতাৰ বিৰুদ্ধে নলবাৰী থানাত এটা গোচৰ ৰুজু হোৱাৰ পিছতেই সমগ্র ঘটনা পোহৰলৈ আহে৷ অভিযোগ অনুসৰি, নলবাৰীৰ ‘ব্রাইট অফছেট’ৰ স্বত্বাধিকাৰী মৃদুল জ্যোতি ডেকাই নিজৰ ব্যৱসায়িক প্রতিষ্ঠানত কর্মৰত জিলাখনৰে বেলশৰ থানাৰ অন্তর্গত যুৱতীগৰাকীক চাতুৰীৰে নিজৰ কামনা চৰিতার্থ কৰাত অৱশেষত যুৱতীগৰাকী পাঁচ মাহৰ অন্তঃসত্ত্বা হয়৷ বিয়াৰ প্রলোভন দি লম্পট মৃদুল জ্যোতিয়ে অবৈধভাৱে শাৰীৰিক সম্পর্ক ৰক্ষা কৰি চলে যুৱতীগৰাকীৰ স’তে৷ অন্তঃসত্ত্বা ভুক্তভোগী যুৱতীগৰাকীয়ে নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬/ ৩১২/৪২০ নম্বৰ ধাৰাৰ অধীনত ৩১৮/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি ভুক্তভোগী যুৱতীগৰাকীৰ সাক্ষ্য গ্রহণ কৰে৷ জিলাখনৰ বাঁহজানী গাঁৱৰ অভিযুক্ত মৃদুলে ইতিমধ্যে পলায়ন কৰাৰ লগতে এনে জঘন্য ঘটনাটোক গাপ দিবলৈ চলাইছে অপচেষ্টা৷ ভুক্তভোগীগৰাকীৰ মুখ বন্ধ কৰিবলৈ লম্পটটো উঠি–পৰি লগাৰ অভিযোগ উত্থাপন হৈছে৷

You might also like