নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী বৰতলাৰ সংবাদকৰ্মী পংকজ বৰ্মনৰ অকাল মৃত্যু 

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰ : মৃত্যুক আঁকোৱালি ল’লে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ যুৱ সাংবাদিক পংকজ বৰ্মনে। বৰতলা গাঁৱৰ ওজাশিল্পী তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ ৰবীন বৰ্মনৰ একমাত্ৰ পুত্ৰ পংকজ বৰ্মন (৩৬)ৰ আজি পুৱা ৫ বজাত আকস্মিকভাবে মৃত্যু ঘটে৷ সংবাদকৰ্মী তথা সৰবৰহী যুৱক পংকজ বৰ্মনৰ আকস্মিক মৃত্যুত বৰক্ষেত্ৰীত গভীৰ শোকৰ ছাঁ পৰিছে৷ উদ্যমী, সাহসী তথা মানৱদৰদী পংকজ বৰ্মনে কিছুদিন ধৰি যকৃতৰ সমস্যাত ভুগি আহিছিল৷ কালি পুৱতিনিশা তেওঁ হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে৷ জি.এম.চি.এইচৰ জৰুৰীকালীন সেৱাত ভৰ্তি হোৱাৰ সময়তে পংকজ বৰ্মনে মৃত্যুক সাবটি লয় ৷ সৰবৰহী যুৱক পংকজ বৰ্মনৰ আকস্মিক বিয়োগৰ খবৰে মৰ্মাহত কৰি তুলিছে অজস্ৰ গুণমুগ্ধক৷ এইগৰাকী সাহসী যুৱক পংকজ বৰ্মনে তিনি বছৰ পূৰ্বে আন কে’বাজনো বন্ধুৰ সৈতে এটা দুৰ্ধৰ্ষ ডকাইতক কৰায়ত্ত কৰি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জিপি সিঙৰ পৰা পুৰস্কৃতও হৈছিল৷ কিছুবছৰ পূৰ্বৰ পৰা সংবাদ ক্ষেত্ৰখনত জড়িত হৈ পৰা পংকজ বৰ্মনে অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ স’তেও জড়িত আছিল। অসমৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ স’তেও ওতঃপ্ৰোতভাৱে জড়িত আছিল পংকজ বৰ্মন৷ বৰতলা গাঁৱৰ বিহু, লক্ষ্মী পূজা, শিৱ পূজা, ভঠেলি উৎসৱ আদিকে ধৰি বিভিন্ন অনুষ্ঠানত তেওঁ আগৰণুৱা আছিল৷ সংবাদকৰ্মী পংকজ বৰ্মনৰ অকাল বিয়োগত সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, বৰক্ষেত্ৰী প্ৰেছ ক্লাবৰ সভাপতি প্ৰদীপ কলিতা, সম্পাদক সুভাষ কাকতি, জ্যেষ্ঠ সাংবাদিক ৰাজেন ডেকা, কনক কলিতা, চেলিম মালিক, সুৰজিৎ পাঠক, আমিনুৰ হুছেইন, জয়ন্ত ডেকাকে ধৰি বৰক্ষেত্ৰী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰিছে৷ সংবাদকৰ্মী পংকজৰ অকাল বিয়াগত সদৌ অসম সাংবাদিক সন্থাৰ বিত্ত সম্পাদক তথা সৰ্থেবাৰী প্ৰেছ ক্লাবৰ উপ সভাপতি তফিকুৰ ৰহমানে পংকজ বৰ্মনৰ বাসগৃহত উপস্থিত হৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷ বিৰিণা গোষ্ঠী অসমৰ এটি সজাতী দল উপস্থিত হৈ পংকজ বৰ্মনৰ নশ্বৰ দেহ গোষ্ঠীটোৰ নামবচা গামোচাৰে ঢাকি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে পংকজ বৰ্মনৰ মৃত্যু দুৰ্ভাগ্যজনক আখ্যা দি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। পংকজ বৰ্মনৰ মৃত্যুত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনেও শোক প্ৰকাশ কৰে। মাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি-সাধাৰণ সম্পাদক ক্ৰমে কামৰুজ জামান আৰু জিয়াউৰ ৰহমান, অসম নাট্য সন্মিলনৰ বৰক্ষেত্ৰী শাখাৰ  সভাপতি বাবুল বণিক্য, দৌলাশাল আঞ্চলিক বিহু সন্মিলনৰ উপ সভাপতি বনজিৎ বৈশ্য, বৰপেটাৰ প্ৰাক্তন ছাত্ৰ নেতা খনিন পাঠক, চেঙা ঐক্য সন্মিলনৰ প্ৰাক্তন সম্পাদক চিন্ময় ডেকা, শিক্ষক জেহেৰুল ইছলামেও পংকজৰ মৃত্যুত শোক প্ৰকাশ কৰে। সাহসী যুৱকজনৰ মৃত্যুত মুকালমুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলমনি নাথ, দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিদীপ বৰা, শোলমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশাল কাশ্যপে শোক প্ৰকাশ কৰিছে৷ বৰতলা গাঁও উন্নয়ন সমিতিৰ সম্পাদক কনৌজ বৰ্মনে গাঁওখনৰ সৰবৰহী যুৱকজনৰ অকাল মৃত্যুত ব্যথিত হৈ আত্মাৰ চিৰশান্তি কামনা কৰিছে ৷ পুৱাৰ ভাগতে পংকজৰ মৃতদেহ বাসগৃহলৈ লৈ অহাৰ পিছতে বাসগৃহত অসংখ্য গুণমুগ্ধৰ সমাগম হয় আৰু পংকজৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷ আজি দিনৰ ভাগত বৰতলা গাঁৱৰ ৰাজহুৱা শ্মশানত শেষকৃত সম্পন্ন কৰা হয়৷ মৃত্যুৰ সময়ত পংকজ বৰ্মনে বৃদ্ধা পিতৃ-মাতৃসহ আত্মীয় স্বজনক ইহসংসাৰত এৰি যায় ৷
প্ৰেৰক তফিকুৰ ৰহমান
You might also like