বিশেষ বাৰ্তা, ৩১ অক্টোবৰঃ নলবাৰীৰ ২৩৫খন বিছনাযুক্ত শ্বহীদ মুকুন্দ কাকতি চিভিল হাস্পতালখনৰ পূৰ্বৰ মৰ্যাদা আৰু পৰিসেৱা ঘূৰাই দিয়াৰ দাবীত আজি ২৪ ঘন্টীয়া অনশন ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে। শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে হাস্পতালখনৰ পূৰ্বৰ মৰ্যাদা আৰু পৰিসেৱা ঘূৰাই দিয়াৰ দাবীত নলবাৰীত ভিন্ন ধাৰাবাহিক আন্দোলন চলাই আহিছে।এনে আন্দোলনৰ মাজতে আকৌ এবাৰ ভিন্ন ধৰণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হ’ল নলবাৰীৰ বুকুত। শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ উদ্যোগত কালি পুৱা ১০ বজাৰ পৰা আজি পুৱা ১০ বজালৈকে ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখত ২৪ ঘন্টীয়া অনশন ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আৰম্ভণিতেই প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অধ্যাপক ৰমণী বৰ্মনে অনশনকাৰীসকলক সংগ্ৰামী অভিনন্দন জনাই কয় যে ৰাইজৰ মৰ্মবেদনা, আশা, আকাংক্ষা উপলব্ধি কৰি শতবৰ্ষৰ দুৱাৰডলিত উপনিত হোৱা ২৩৫ খন বিছনাযুক্ত নলবাৰী চিভিল হাস্পতালখনৰ পূৰ্বৰ মৰ্যাদা আৰু পৰিসেৱা ঘূৰাই নিদিলে।শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ নেতৃত্বত আপোনালোকে ৮ মাহ ধৰি ধাৰাবাহিক আন্দোলন চলাই যোৱাৰ পিছত আজি ২৪ ঘণ্টীয়া অনশন ধৰ্মঘটৰ যোগেদি আৰু এবাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে। মই দৃঢ়তাৰে ভাবো আপোনালোকে আপোচহীন ভাৱে দাবী পূৰণ নোহোৱালৈকে প্ৰতিবাদ আন্দোলনৰ তীব্ৰতৰ ৰূপত গঢ়ি তুলিব। উক্ত অনশন ধৰ্মঘটত সুৰক্ষা সমিতিৰ সম্পাদক জিতেন্দ্ৰ কুমাৰ জৈনৰ নেতৃত্বত সহকাৰী সম্পাদক মুনীন্দ্ৰ দলে, সক্ৰিয় কৰ্মী আৰু সদস্য বীণা বড়ো , মলিন দাস, কংকনজ্যোতি দাস, মালতী বসুমতাৰী, অনিমা কলিতা, কুশল পেগু, পাহী দলে সহ ভালেসংখ্যক ছাত্ৰ, যুৱক আৰু মহিলাই ২৪ ঘণ্টা ধৰি অনশন কাৰ্যসূচী পালন কৰে। তদুপৰি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি দীৰ্ঘসময় ধৰি প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মন, সুৰক্ষা সমিতিৰ সভাপতি ড৹ নাৰায়ণ চন্দ্ৰ শৰ্মা , কাৰ্যকৰী সভাপতি ড° মানিক চন্দ্ৰ বৰ্মন,উপদেষ্টা তাইজুদ্দিন আহমেদ,উপ সভাপতি জ্ঞানেন চক্ৰৱৰ্ত্তী,উপ সভাপতি সুৰেণ শৰ্মা, উপ সভাপতি তথা অধিবক্তা আমিৰুল ইছলাম , বিশিষ্ট কবি কমল কুমাৰ জৈন, নাট্যকাৰ কিশোৰ চক্ৰৱৰ্তী,জ্যেষ্ঠ নাগৰিক সন্মিলন,নলবাৰীৰ সভাপতি সুনীল ভূষণ চৌধুৰী, বিশিষ্ট নাগৰিক ভগৱান শৰ্মা, বসন্ত কুমাৰ বৈশ্য,বিশিষ্ট সমাজকৰ্মী ৰামজীৱন সিংহানীয়া,সমাজ সেৱক পদম চান্দ জৈন,সমিতিৰ সক্রিয় সদস্য ৰেইছমা বেগম সহ নলবাৰী সমাজ জীৱনৰ বহুতো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।এই কাৰ্যসূচীত বিভিন্ন সময়ত কেইবা শতাধিক নলবাৰী বাসী ৰাইজে ভিন্ন ভিন্ন সময়ত অংশগ্ৰহণ কৰি উক্ত হাস্পতালখনৰ পূৰ্বৰ মৰ্যাদা আৰু পৰিসেৱা ঘূৰাই অনাৰ দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন ব্যক্ত কৰাৰ লগতে অনশনকাৰীসকলৰ মনোবল বৃদ্ধি কৰে। সুৰক্ষা সমিতিৰ সভাপতি ড° নাৰায়ণ চন্দ্ৰ শৰ্মাই কয় যে গাৰ বলেৰে আৰু আভূৱা ভাৰি নলবাৰী বাসী ৰাইজক ক্ষান্ত কৰা নাযাব। প্ৰয়োজনত দীৰ্ঘম্যাদী জংগী আন্দোলনৰ যোগেদি ৰাইজে হাস্পতালখনৰ পূৰ্বৰ মৰ্যাদা আৰু পৰিসেৱা ঘূৰাই দিবলৈ চৰকাৰক বাধ্য কৰিব। সুৰক্ষা সমিতিৰ সম্পাদক জিতেন্দ্ৰ কুমাৰ জৈনে বক্তব্যত কয় যে নলবাৰী জিলাৰ সদৰ ঠাই তথা প্ৰাণকেন্দ্ৰ শ্বহীদ মুকুন্দ কাকতি চিভিল হাস্পতালখনক নিঃশেষ কৰাৰ ফলত নলবাৰী জিলাৰ লাখ লাখ মানুহৰ দুৰ্ভোগ, কষ্টৰ সীমা চেৰাই গৈছে। আজি ৮ মাহ ধৰি চলি থকা আন্দোলনৰ হেঁচাত চৰকাৰে ৫০ খন বিছনাযুক্ত হাস্পতালৰ পৰিসেৱা দিয়াৰ প্ৰক্ৰিয়া চলাই ৰাইজক আভুৱা ভাঁৰিব বিচাৰিছে যদিও ৰাইজে এই চক্ৰান্তৰ ফান্দত ভৰি নিদিয়ে। কোনোমতেই হস্পিটেলৰ পুৰণি চৌহদত হাতুৰীৰ কোব পৰিবলৈ দিয়া নহয়। সৰ্বাত্মক দুৰ্বাৰ আন্দোলন গঢ়ি তুলি ৰাইজে পূৰ্বৰ ২৩৫ খন বিছনাযুক্ত নলবাৰী চিভিল হাস্পতালখন আঁজুৰি আনিব।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন