নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত অ:জা:যু:ছা:প:ৰ প্ৰাইজমানী কুইজ প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ৯ জুন : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিয়ে অনুষ্ঠিত কৰা সাংগঠনিক শ্বহীদ তুলু তালুকদাৰ আৰু শ্বহীদ দ্বীপজ্যোতি লহকৰ সোঁ‌ৱৰণী সপ্তদশ বাৰ্ষিক সদৌ অসম প্ৰাইজমানী কুইজ প্ৰতিযোগিতা-২০২৪ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে আৰম্ভ কৰা হয় । কাৰ্যসূচীৰ আৰম্ভণিতে পৰিষদৰ পতাকা উত্তোলন কৰে পৰিষদৰ চহৰ সমিতিৰ সভাপতি নয়ন শৰ্মাই । ইয়াৰ পিছতেই ১৭গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ১৭খন পতাকা উত্তোলন কৰে। শ্বহীদ তৰ্পণ কৰে চহৰ সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দীপজ্যোতি বেজবৰুৱাই। ইয়াৰ পিছতে সতীৰ্থ স্মৰণ, জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু কুইজৰ জনক দিলীপ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like