বিশেষ বাৰ্তা, ৮ মাৰ্চ : মহিলা আৰু শিশু বিকাশ বিভাগ নলবাৰীৰ অধীনত জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ আৰু নলবাৰী জিলা প্ৰশাসনৰ দ্বাৰা আৰু ৰেলৱে মণ্ডল প্ৰৱন্ধক ৰঙিয়াৰ সহযোগত আজি নলবাৰী ৰেলৱে ষ্টেচনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এটি মাতৃ দুগ্ধপান কক্ষ। কক্ষটো আনুষ্ঠানিকভাৱে মুকলি কৰে নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাই। জিলা আয়ুক্তগৰাকীয়ে ‘বেটী বচাও বেটী পঢ়াও অভিযান’ৰ অধীনত নলবাৰী ৰেল ষ্টেচনত মুকলি হোৱা এই মাতৃ দুগ্ধপান কক্ষৰ জৰিয়তে ৰেলেৰে যাত্ৰা কৰিব অহা মহিলা আৰু শিশুসকলৰ বাবে সুবিধা হব বুলি মন্তব্য প্ৰকাশ কৰে। অনুষ্ঠানটিত উপস্থিত থাকে মহিলা আৰু শিশু বিকাশ বিভাগৰ জিলা সমাকল্যাণ বিষয়া সুকন্যা দাস, মণ্ডল ৰে’ল প্ৰবন্ধক নিৰোজ গুপ্তা, বৰিষ্ঠ মণ্ডল বাণিজ্য প্ৰবন্ধক ৰিতু শৰ্মা আৰু স্থানীয় লোকৰ লগতে ৰে’ল বিভাগৰ আন আন কৰ্মকৰ্তাসকল।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন