বিশেষ বাৰ্তা, ৬ জুনঃ শিক্ষাৰ নৱদ্বীপৰূপে খ্যাত নলবাৰী জিলাই শৈক্ষিক ফলাফলত পুনৰাই উজ্বলাই তুলিবলৈ সক্ষম হৈছে।আজি ঘোষিত অসম উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ ফলাফলত প্ৰজ্ঞানগৰী নলবাৰীৰ দুই মেধাৱী শিক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰত দুই স্থান লাভেৰে সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।জিলাখনৰ বিজ্ঞান শাখাত কোনো এগৰাকী শিক্ষাৰ্থীয়ে স্থান লাভৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে কলা আৰু বানিজ্য শাখাত দুগৰাকী মেধাৱী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিৱলৈ সক্ষম হয়।ইয়াৰে এগৰাকী চৰকাৰী শিক্ষানুষ্ঠানৰ হোৱাৰ বিপৰীতে আন এগৰাকী চৰকাৰী শিক্ষানুষ্ঠানৰ।সদ্য ঘোষিত মেট্ৰিকৰ পৰীক্ষাৰ ফলাফলত জিলাখনৰ আঠ গৰাকী মেধাৱী ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰতেই স্থান লাভ কৰি সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয়।ইপিনে, আজি ঘোষিত অসম উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ ফলাফলত প্ৰজ্ঞানগৰী নলবাৰীৰ শংকৰদেৱ একাডেমীৰ ছাত্ৰী কাব্যশ্ৰী শৰ্মাই ষষ্ঠ স্থান আৰু নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ কুনালজ্যোতি বৈশ্যই অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। নলবাৰী চহৰৰ প্ৰতিষ্ঠিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শংকৰদেৱ একাডেমী চিনিয়ৰ চেকেণ্ডাৰীৰ কৃতী ছাত্ৰী কাব্যশ্ৰী শৰ্মাই আজি ঘোষিত অসম উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ কলা শাখাৰ পৰীক্ষাত ষষ্ঠ স্থান লাভ কৰাৰ লগে লগেই উৎফুল্লিত হৈ পৰিছে শংকৰদেৱ একাডেমীৰ ছাত্ৰ-ছাত্ৰী, শিক্ষাগুৰু সকল।নলবাৰী চহৰৰ বিদ্যাপুৰ নিৱাসী তথা ব্যৱসায়ী প্ৰাণ্ময় শৰ্মা আৰু নলবাৰী ডায়েটৰ প্ৰবক্তা গীতিকা দত্ত শৰ্মাৰ জ্যেষ্ঠ কন্যা কাব্যশ্ৰী শৰ্মাই ইংৰাজীত ৯৫, অলটাৰনেটিভ ইংৰাজীত ৯৭,অৰ্থনীতিত ৯৭, ৰাজনীতি বিজ্ঞানত ৯৭, গণিতত ৮০, শিক্ষা বিষয়ত ৯৫ নম্বৰসহ মুঠ ৪৮১ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। কৃতি ছাত্ৰী গৰাকীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰিব বুলি নিশ্চিত নাছিল যদিও পৰীক্ষা ভাল হৈছিল বুলিও উল্লেখ কৰে। গণিত আৰু অৰ্থনীতি বিষয়ত ঘৰুৱা শিক্ষকৰ সহায় লোৱা ছাত্ৰী গৰাকীয়ে তেওঁৰ এনে ফলাফলৰ বাবে পিতৃ-মাতৃৰ লগতে শিক্ষকসকলৰ শলাগ লয়। সংগীতত বিশাৰদ পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰী গৰাকীয়ে গান গোৱাৰ উপৰি গল্প, কবিতা লিখি ভাল পায় বুলিও কয়। কৃতি ছাত্ৰী গৰাকীয়ে সম্প্ৰতি দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সুবিধা পালে অৰ্থনীতি বিষয়ত মেজৰ লৈ অধ্যয়ন কৰাৰ মন আছে বুলি কয়। ভৱিষ্যতে এগৰাকী সু-নাগৰিক হোৱাৰ ইচ্ছা আছে বুলিও কয় কাব্যশ্ৰীয়ে। ইফালে নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ পৰা অষ্টম স্থান লাভ কৰা কুনালজ্যোতি বৈশ্যক লৈ মহাবিদ্যালয়খনত আজি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। বাণিজ্য শাখাত ৰাজ্যখনৰ ভিতৰত প্ৰথম দহটা স্থানৰ ভিতৰত অষ্টম স্থান দখল কৰিবলৈ সক্ষম হোৱা নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ কুনাল জ্যোতি বৈশ্যই স্থান লাভ কৰিব বুলি আশা কৰা নাছিল যদিও তেওঁৰ এনে ফলাফলত অত্যন্ত আনন্দ অনুভৱ কৰা বুলি উল্লেখ কৰে। নলবাৰী চহৰৰ শান্তিপুৰৰ বাসিন্দা তথা তথা সমবায় বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক মুনিন্দ্ৰ কুমাৰ বৈশ্য আৰু মঞ্জু ৰাণী বৈশ্যৰ সন্তান কুনালে ইংৰাজীত ৯৫, অলটাৰনেটিভ ইংৰাজীত ৯৪, একাউণ্টেন্সিত ৯৪, বিজনেছ ষ্টাডিচত ৮৬, বিজনেছ গণিত আৰু পৰিসংখ্যা বিষয়ত ৯৩, অৰ্থনীতিত ৮০ নম্বৰসহ মুঠ ৪৬২ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। পঢ়াৰ ক্ষেত্ৰত তেনে কোনো নিৰ্দিষ্ট সময়সূচী নাছিল বুলি উল্লেখ কৰি কৃতি ছাত্ৰজনে যেতিয়া সময় পাইছিল তেতিয়াই পঢ়িছিল বুলিও কয়। আটাইকেইটা বিষয়তে ঘৰুৱা শিক্ষকৰ সহায় লোৱা বুলিও তেওঁ কয়। সদ্যহতে দিল্লী বিশ্ববিদ্যালয়ত মেজৰসহ বাণিজ্যৰ স্নাতকত নামভৰ্তি কৰি অধ্যয়ন কৰিব বুলি কয় কৃতি ছাত্ৰগৰাকীয়ে। ভৱিষ্যতে এগৰাকী মেনেজমেণ্ট কনচালটেণ্ট হোৱাৰ মন পুহি ৰখা বুলিও কয়। আনহাতে, নিয়মীয়াকৈ অধ্যয়ন কৰিলে সফলতা আহিবই বুলিও তেওঁ মন্তব্য কৰে।।।