নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাগলাদিয়াৰ কালৰূপ : নলবাৰীৰ বৰমুৰিকোণা-বালাজানত ভয়ংকৰ খহনীয়া

নিয়মীয়া বাৰ্তা, ২১ জুনঃ পাগলাদিয়া নৈৰ পানী তীব্ৰ গতিত বৃদ্ধি পাইছে । নৈ খনৰ প্ৰবল সোঁ‌তত দুয়োপাৰৰ মথাউৰিক লৈ শংকিত হৈ পৰিছে স্থানীয় ৰাইজ । বিশেষকৈ বৰমুৰিকোনা আৰু বালাজান, বলাকুছিকে ধৰি কেবাঠাইতো মথাউৰিত গৰাখনীয়া ৰূপ লৈছে । গৰাখনীয়া ভয়ংকৰ ৰূপ লোৱাত ৰাইজ শংকিত হৈ পৰা দেখা গৈছে। জলসম্পদ আৰু প্ৰশাসন বিভাগে এইক্ষেত্ৰত তৎপৰতা অৱলম্বন কৰিছে যদিও খৰালী কালত বিভাগীয় কৰ্তৃপক্ষই অৱজ্ঞা কৰি থকা বাবেই মথাউৰি সমুহ জৰাজীৰ্ণ হৈ পৰা বুলি অভিযোগ উঠিছে । ইপিনে বৰমুৰিকোনাত কেবা লক্ষ টকা খৰছ কৰি নৈখনৰ মথাউৰিত পাৰ্কোপাইন বহুৱাইছিল যদিও ই ফুটুকাৰ ফেনত পৰিণত হৈছে । ইপিনে বালাজানতো একেই  গৰাখনীয়াৰ ৰূপ লৈছে । উল্লেখ্য যে ঊনৈশ বছৰৰ পিছত পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নলবাৰী বালাজানত। নলবাৰীৰ ভিন্ন প্ৰান্তত পাগলাদিয়া,মৰা পাগলদিয়া আৰু বুঢ়াদিয়াৰ পানীত প্লাৱিত হোৱাৰ সমান্তৰালকৈ কৃত্ৰিম বানতো জলমগ্ন হৈ পৰিছে নলবাৰী। যাতায়ত-যোগাযোগ স্তব্ধ হোৱাৰ সমান্তৰালকৈ বিদ্যালয়ৰ পাঠদান কাৰ্যসূচীও স্থগিত ৰখা পৰিলক্ষিত হৈছে। বিগত কেইবাদিনো ধৰি নেৰা-নেপেৰাকৈ হৈ থকা বৰষুণৰ ফলত উক্ত গাওঁখনৰ প্ৰায় প্ৰতিটো প্ৰান্ততে জলমগ্ন হৈ পৰা পৰিলক্ষিত হয়। পাগলাদিয়া নৈৰ বুকুত থকা পৰিয়াল সমুহ ইতিমধ্যে নিৰ্দিষ্ট স্থানলৈ স্থানান্তৰিত কৰিছে। পাগলদিয়া নদীয়ে কালৰূপ ধাৰণ কৰাৰ ফলত বালাজান, পয়লা, মৰিয়াডংগা, বলাকুছি , খাটকটৰা  আদি অঞ্চলৰ গাতে লাগি থকা মথাউৰিত ঠায়ে ঠায়ে গৰা খহনীয়া হোৱাত  বিশেষকৈ শংকিত হৈ পৰিছে নলবাৰী জিলাৰ লোক সকল। ইপিনে বালাজান  স্থানৰে মথাউৰি ভঙাৰ আশংকা থাকিলে নলবাৰী চহৰ সম্পুৰ্ণ বুৰ যোৱাৰ সম্ভাৱনা আছে। আনহাতে জিলাখনৰ নোনা আৰু বৰলীয়া নৈ দুখনৰো পানীয়ে ভয়ংকৰ ৰূপ লৈছে।
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like