নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তিৰ প্রশ্ণকাকত ফাদিল কেলেংকাৰিৰ অভিকেন্দ্র হৈ পৰা নলবাৰী জিলাৰ চৰকাৰী বিভাগত এটাৰ পিছত আন এটা কেলেংকাৰিৰ চাঞ্চল্য মাৰ নৌযাওঁতেই জিলাখনৰ এগৰাকী শিক্ষা বিষয়াই নিজ কার্যালয় অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তিৰ প্রশ্ণকাকত ফাদিল কেলেংকাৰিৰ অভিকেন্দ্র হৈ পৰা নলবাৰী জিলাৰ চৰকাৰী বিভাগত এটাৰ পিছত আন এটা কেলেংকাৰিৰ চাঞ্চল্য মাৰ নৌযাওঁতেই জিলাখনৰ এগৰাকী শিক্ষা বিষয়াই নিজ কার্যালয় কোঠাত এগৰাকী ঠিকাদাৰৰ পৰা উৎকোচ লৈ থকাৰ সময়ত দুর্নীতি নিবাৰক শাখাৰ হাতত হাতে–লোটে ধৰা পৰাৰ ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে৷ প্রাপ্ত তথ্য মতে, আজি দুপৰীয়া নলবাৰী জিলা বিদ্যালয়সমূহৰ পৰিদর্শক (আই এছ)ৰ কার্যালয়ত দুর্নীতি নিবাৰক আৰু নিৰীক্ষণ শাখাই অভিযান চলাই জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শক জ্যোৎস্নাৰাণী বর্মনক হাতে–লোটে ধৰে উৎকোচ লৈ থকা অৱস্থাত৷
জানিব পৰা মতে, নলবাৰী জিলাৰ বৰভাগৰ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্টেডিয়াম নির্মাণৰ নামত ২০ লাখ টকা আবণ্টন হৈছিল৷ এই আবণ্টিত ধনৰ পৰা কমিছন বিচাৰিছিল শিক্ষা বিষয়া জ্যোৎস্নাৰাণী বর্মনে৷ ঠিকাদাৰজনৰ পৰা ৫০ হাজাৰ টকাৰ উৎকোচ বিচাৰিছিল পৰিদর্শকজনে৷ সেইমর্মে বিচৰা ধৰণে ঠিকাদাৰজনে আগধন হিচাপে আজি ১৫ হাজাৰ টকা দিবলৈ গৈছিল কার্যালয়টোলৈ৷ ইপিনে, ঠিকাদাৰজনে দুর্নীতি নিবাৰক আৰু নিৰীক্ষণ শাখাৰ লগত আগতীয়াকৈ যোগাযোগ কৰে৷ উক্ত যোগাযোগৰ ভিত্তিত কার্যালয়টোত খাপপিটি ৰয়৷ ইয়াৰ পিছতেই জালত পৰে দুর্নীতিগ্রস্ত কমিছনভোগী শিক্ষা বিষয়াগৰাকী৷ এই আগধন লৈ থকাৰ মুহূর্ততে হাতে–লোটে গ্রেপ্তাৰ কৰে দুর্নীতি নিবাৰক আৰু নিৰীক্ষণ শাখাৰ অভিযানকাৰী দলটোৱে৷
উল্লেখ্য যে প্রায় এবছৰ পূর্বে নলবাৰীত বিদ্যালয়সমূহৰ উপ–পৰিদর্শক হিচাপে যোগদান কৰা জ্যোৎস্নাৰাণী বর্মনক আজি দুর্নীতি নিবাৰক আৰু নিৰীক্ষণ বিভাগে গ্রেপ্তাৰ কৰাৰ সময়ত দীর্ঘ সময় ধৰি কার্যালয়টোত অভিযান চলায়৷ উক্ত অভিযানৰ সময়ত নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদৰ লগতে নলবাৰী থানাৰ আৰক্ষীৰ এটা দলো উপস্থিত আছিল৷ পূর্বে বাক্সা আৰু বৰপেটা জিলাত কার্যনির্বাহ কৰি দুর্নীতিগ্রস্ত জোৎস্নাৰাণী বর্মনে ব্যাপক দুর্নীতি, ভ্রষ্টাচাৰত নিমজ্জিত হৈ বিতর্কৰ আৱর্তত সোমাই পৰিছিল৷ বাক্সাত কার্যনির্বাহ কৰাৰ সময়ত বিষয়গৰাকীৰ কমিছনত অতিষ্ঠ হৈ শিক্ষক–কর্মচাৰীসকলক দুর্নীতিগ্রস্ত বিষয়াগৰাকীৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচী গ্রহণ কৰিব লগা হৈছিল৷ নিজকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ঘনিষ্ঠ বুলি জহাই ফুৰা জোৎস্নাৰাণী বর্মনে নলবাৰীত যোগদান কৰিয়েই তেওঁৰ দুর্নীতিৰ সাম্রাজ্য বিস্তাৰিত কৰে৷ যোগদানৰ কিছুদিন পিছতেই দুর্নীতিৰ সম্রাজ্ঞী ৰূপে পৰিচিত জ্যোৎস্নাৰাণীয়ে নলবাৰী জিলাৰ বিদ্যালয়সমূহত কম্পিউটাৰ ছেট যোগানৰ নামত কমিছন সংগ্রহৰ পাং পতাৰ আঁৰৰ কাহিনী ‘নিয়মীয়া বার্তা’ত প্রকাশিত এক বাতৰি পোহৰলৈ অহাৰ পিছতেই বিভিন্ন মহলত সৃষ্টি হয় ব্যাপক প্রতিক্রিয়াৰ৷ অৱশেষত জালত পৰে এইগৰাকী দুর্নীতিগ্রস্ত বিষয়া জ্যোৎস্নাৰাণী৷ দুর্নীতিগ্রস্ত বিতর্কিত বিষয়াগৰাকীৰ গ্রেপ্তাৰৰ খবৰে জিলাখনৰ ভুক্তভোগী কর্মৰত শিক্ষক, অৱসৰী শিক্ষক–কর্মচাৰীকে ধৰি আন আনসকলক আনন্দিত কৰি তুলিছে৷ ইপিনে, এইগৰাকী দোষী বিষয়াৰ উপযুক্ত শাস্তিৰ দাবী তুলিছে সদৌ নলবাৰী জিলা ছাত্র সন্থাই৷ জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠকে প্রতিক্রিয়া প্রকাশ কৰি কয় যে এইজনা শিক্ষা বিষয়াই জিলাখনৰ বিভিন্ন শিক্ষক–কর্মচাৰীক বিভিন্ন হাৰাশাস্তি কৰি আহিছে৷