বিশেষ বাৰ্তা, ১৪ অক্টোবৰ : পথ নিৰ্মাণ-মেৰামতিৰ নামত চৰকাৰে কোটি কোটি টকা ব্যয় কৰিলেও আজিও যাতায়ত ব্যৱস্থাক লৈ জনগণে জীয়াতু ভুগি আহিৱ লগা হৈছে। নলবাৰী জিলাত পথ নিৰ্মাণৰ নামত বিগত সময়ত কোটি কোটি টকা ব্যয় কৰাৰ পিছতো পথৰ আৱদ্ধ পানীয়ে দুৰ্ভোগ ভোগাই আহিছে জিলাখনৰ কেইবাটাও স্থানত। আনহে নালাগে জিলাখনৰ নলবাৰী চহৰ সংযোগী নলবাৰী-পূৱকালাকুছি পথৰ চহৰ চ’ক বজাৰত বিগত প্ৰায় দুবছৰে সৃষ্টি হোৱা জলাশয় সদৃশ পৰিৱেশে ৰাইজক বাৰুকৈ অতীষ্ঠ কৰি তুলিছে। সামান্য এজাক বৰষুণ দিলেই চ’ক বজাৰ অংশত একাঁঠু পৰ্যন্ত আৱদ্ধ পানীৰ সৃষ্টি হয়। বৰষুণ কমিলেও এই আৱদ্ধ পানী দহ -বাৰদিন পৰ্যন্ত নুশুকায়।এনে আৱদ্ধ পানীৰ বাবে পথটোৰ দুয়োকাষে থকা ব্যৱসায় প্ৰতিষ্ঠানৰ ব্যৱসায়ী সকলে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে।বিচা-কিনা যথেষ্ট কমি আহিছে। আৱদ্ধ পানীৰ বাবে ব্যৱসায় প্ৰতিষ্ঠান, দোকান সমূহলৈ গ্ৰাহক যাৱ নোৱাৰে।এনে অৱস্থাত ব্যৱসায়ী সকল চিন্তিত হৈ পৰিছে। বৃহস্পতিবাৰে হোৱা সামান্য এজাক বৰষুণৰ পৰাই বৰ্তমানেও একাঁঠু পৰ্যন্ত পানীত বুৰ গৈ আছে ব্যস্ত চ’ক বজাৰৰ পথচোৱা।উক্ত অব্যৱস্থাৰ পিছতো নলবাৰী পৌৰ সভাই চ’ক বজাৰৰ আৱদ্ধ পানী মুক্ত কৰাৰ বাবে অদ্যপি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আন লোকৰ যাতায়াতৰ কথাটো বাদেই, লক্ষণীয়ভাৱে চ’ক বজাৰৰ উক্ত পথেৰে সঘনাই নলবাৰী সদৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেওঁৰ চান্দকুছিৰ বাসগৃহলৈ আৰু বিজেপিৰ প্ৰভাৱশালী নেতা ফণীন্দ্ৰ নাথ শৰ্মা বৰআজাৰা গাঁৱৰ নিজ গৃহলৈ অহা যোৱা কৰে। তথাপিও বিশেষকৈ পথটোৰ চ’ক বজাৰ অংশৰ অব্যৱস্থা আজিলৈকে আতৰ নহ’ল। বিগত বহু সময়ত উক্ত আৱদ্ধ পানীত বহু কেইজন চাইকেল আৰোহী,স্কুটী আৰোহী পৰি ঘুণীয়া হ’ব লগীয়া হৈছে। জিলা প্ৰশাসনৰো আজিলৈকে চহৰৰ গাতে লাগি থকা ‘চ’ক বজাৰ’ৰ উক্ত জলাশয় অংশ চকুত নপৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। ভুক্তভোগী ৰাইজে উক্ত জলাশয় সদৃশ পথটোৰে যাতায়াত ব্যৱস্থা শীঘ্ৰে সুচল কৰাত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা ভুক্তভোগী আহ্বান জনাইছে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন